এগৰাকী সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া । নাম ড° এম অংগমুথু । অসমত সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই সুদক্ষ প্ৰশাসনিক বিষয়াগৰাকীক নিযুক্তি দিছে বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে ৷ ড° অংগমুথুৱে ৯ মে’ত এই নতুন পদত যোগদান কৰে ৷ বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকাল হ'ব পাঁচ বছৰীয়া ।
উল্লেখযোগ্য যে, অসম-মেঘালয় কেডাৰৰ ২০০২ চনৰ বেটচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া ড° অংগমুথুৱে বিগত সময়ত অসম চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ দক্ষতাৰে সেৱা আগবঢ়াইছিল ৷ তেওঁ কামৰূপ মেট্ৰ’, কাৰ্বি আংলং, বঙাইগাঁও, কৰিমগঞ্জ আৰু নগাঁৱৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে । অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব হিচাপে তেওঁ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ, সচিবালয় প্ৰশাসন বিভাগ, নগৰ উন্নয়ন বিভাগ, পৰ্যটন বিভাগ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ কাৰ্যনিৰ্বাহ কৰাৰ উপৰি উত্তৰ অসম সংমণ্ডলৰ আয়ুক্তৰ দায়িত্বতো আছিল ৷
বৰ্তমান তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ বাসিন্দা বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষৰ নতুন অধ্যক্ষগৰাকীয়ে বন্দৰ, জাহাজ, আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ২০২৭ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিব ।বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষৰ নতুন অধ্যক্ষ ড° এম অংগমুথক উষ্ম আদৰণি জনায় IRTS ৰ অধ্যক্ষ দুৰ্গেশ ডুবেই ।
