মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে মুকলি ক্ষোভ উজাৰি জিলা সভাপতিৰ পদ হেৰুৱালে হেমন্ত বৰ্মনে


 

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সামাজিক মাধ্যমত মুকলিকৈ ক্ষোভ প্ৰকাশ কৰি শলঠেকত নলবাৰী জিলাৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মন ৷ নলবাৰী জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনে শেহতীয়াকৈ নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ক্ষোভ উজাৰি সামাজিক মাধ্যমত ফটোসহ কিছু অভিযোগ উত্থাপন কৰিছিল।


হেমন্ত বৰ্মনে অভিযোগ কৰি কৈছিল, মণ্ডল পৰ্যায়ৰ নেতাক আমন্ত্ৰণ জনাই জিলা পৰ্যায়ৰ সভাপতিক কোনো খবৰ নিদিয়াকৈ কেনেদৰে সভা অনুষ্ঠিত কৰিছিল। ইয়াৰোপৰি তেওঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আক্ৰমণ কৰি কৈছিল,  কাৰোবাৰ দোকানত, কাৰোবাৰ ঘৰত কামৰ লিষ্ট বনোৱাটো আছিল কংগ্ৰেছৰ পৰম্পৰা।এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আক্ৰমণ কৰি পোষ্ট দি এতিয়া বিপদত হেমন্ত বৰ্মন। তেওঁ হেৰুৱালে যুৱ মৰ্চাৰ সভাপতি পদ। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই স্বাক্ষৰ কৰা এখন পত্ৰৰ জৰিয়তে হেমন্ত বৰ্মনক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।আনহাতে হেমন্ত বৰ্মনৰ স্থানত নতুনকৈ মৃগাংক বৰ্মনক জিলাখনৰ যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। ইফালে শেহতীয়াকৈ বঙাইগাঁও জিলাতো জিলা বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰায় ১৮ গৰাকী মণ্ডল পৰ্যায়ৰ নেতাই পদত্যাগ কৰিছিল। এইদৰেই এতিয়া বিজেপিৰ ভিতৰচৰাত চলি আছে অসন্তুষ্টি। দলীয় একাংশ নেতা, কৰ্মীৰ মাজত প্ৰকাশ পাইছে ক্ষোভৰ উদগীৰন।

Post a Comment

Previous Post Next Post