ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত নীতিশ কুমাৰক সাক্ষাৎ কৰা দলটোত আছে মানকাচাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, সোণাই সমষ্টিৰ বিধায়ক কমিম উদ্দিন বৰভূঞা, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক।
নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এআইইউডিএফক মুঠেই গুৰুত্ব দিয়া নাই বাবে বদৰুদ্দিন আজমলৰ দলে নীতিশ কুমাৰৰ যোগেদি বিৰোধী মহাজোঁটত সোমাবলৈ আপ্ৰাণ চেষ্টা কৰিছে।
উল্লেখযোগ্য যে অসমত কংগ্ৰেছৰ নেতৃত্বত হোৱা বিৰোধী মহাজোঁটত ১১টা দল আছে যদিও তালৈ এআইইউডিএফ দলক আমন্ত্ৰণ জনোৱা নাই।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ স্পষ্ট অভিযোগ– বদৰুদ্দিন আজমলৰ দলে বিজেপিৰ আঙুলিত বিশেষকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উঠা–বহা কৰে।
সেয়ে এআইইউডিএফ দলক বিৰোধী মহাজোঁটলৈ আমন্ত্ৰণ নজনায়। এনেধৰণৰ একে স্থিতিত অটল আছে নিখিল ভাৰত কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বৱধায়ক জিতেন্দ্ৰ সিঙো।
সেয়ে এআইইউডিএফ দলক বিৰোধী মহাজোঁটলৈ আমন্ত্ৰণ নজনায়। এনেধৰণৰ একে স্থিতিত অটল আছে নিখিল ভাৰত কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বৱধায়ক জিতেন্দ্ৰ সিঙো।