কাহিনীৰ যেন শেষ নাই ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ। ইটোৰ পিছত সিটো কাহিনী পোহৰলৈ আহিছে চিকিৎসক দম্পতীৰ। এইবাৰ জানিব পৰা গৈছে যে এই চিকিৎসক দম্পতীয়ে তুলি ল’ব বিচাৰিছিল আৰু এটি সন্তান। অৰ্থাৎ তৃতীয়টো সন্তান তুলি ল’ব বিচাৰিছিল চিকিৎসক দম্পতীয়ে।
ইফালে, ডি এন এ টেষ্ট হ’ব আতিশয্যৰ বলি হোৱা দুই শিশুৰ। ডি এন এ টেষ্টৰ নমুনা সংগ্ৰহৰ বাবে দুয়োটি শিশুকে অনা হৈছে GMCHলৈ। সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ ইতিমধ্যে সংগ্ৰহ কৰা হৈছে ডি এন এ টেষ্টৰ নমুনা।
ইফালে, সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসু বৰ্তমান পলাতক। আৰক্ষীয়ে লাভ কৰিছে উৎপলা বসুৰ লোকেশ্যন। পশ্চিম বংগত থকাৰ সন্দেহ কৰা হৈছে সংগীতাৰ ব্যক্তিগত সহায়িকা উৎপলাক। উৎপলাৰ ম’বাইল লোকেশ্যন লাভ কৰিছে আৰক্ষীয়ে।
