কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSE) আজি দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল মুকলি কৰিছে। ইয়াৰ পূৰ্বে আজি পুৱা CBSEএ দ্বাদশ শ্ৰেণীৰ ফলাফলো ঘোষণা কৰিছিল।
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল এইকেইটা অফিচিয়েল ৱেবছাইটত পৰীক্ষা কৰিব পাৰিব।
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা ১৪ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু ২১ মাৰ্চত সমাপ্ত হৈছিল। মুঠ ২১,৮৬,৪৮৫ জন শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল। শিক্ষাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ, স্কুল নম্বৰ আৰু এডমিট কাৰ্ড আইডি ব্যৱহাৰ কৰি অনলাইনত তেওঁলোকৰ ফলাফল চাব পাৰিব।
