মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ৭ দিনিয়াকৈ অনুষ্ঠিত দিব্য কলা মেলা ২০২৩



 বেতকুচিস্থিত মণিৰাম দেৱান ট্ৰেড চেন্টাৰত দিব্য কলা মেলা ২০২৩ অনুষ্ঠিত হৈছে। ৭ দিনিয়াকৈ অনুষ্ঠিত কৰা এই মেলাখন কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে শুভ উদ্ধোধন কৰে। লগতে এই অনুষ্ঠানত মন্ত্ৰী পিযুষ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


উল্লেখ্য যে, এই মেলাত দিব্যাংগসকলে নিজ হাতে উৎপাদন কৰা বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে উলিয়াই দিয়া হৈছে। এই মেলাৰ উদ্ধোধনি অনুষ্ঠানতেই ৭ গৰাকী দিব্যাংগক চৰকাৰৰ তৰফৰ পৰা স্বাৱলম্বী হোৱাৰ বাবে ঋণ প্ৰদান কৰা হয়। এই ঋণৰ বিপৰীতে  তেওঁলোক ৪ শতাংশ সুতৰ হাৰত ধন পৰিশোধ কৰিব লাগিব।

দিব্যাংগসকলক আত্মনিৰ্ভৰশীল কৰিবলৈ এনে ধৰণৰ মেলা আয়োজন কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয় বুলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে মন্তব্য কৰে।

Post a Comment

Previous Post Next Post