''বাকী আৰু ফাঁকিৰ চৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ''– মীৰা বৰঠাকুৰ


 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ জনতাৰ আশা–আকাংক্ষা পূৰণত ব্যৰ্থ৷ –ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিক লৈ এই মন্তব্য কৰে মহিলা কংগ্ৰছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।


আজি ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত বৰঠাকুৰে কয়– নাৰী অপৰাধৰ পৰা আৰম্ভ কৰি ভূমি কেলেংকাৰি, দুৰ্নীতিত নিমজ্জিত ৰাজ্যৰ বিজেপি চৰকাৰ৷ ড্ৰাগছমুক্ত অসম গঢ়ৰ শ্লোগান দিয়া চৰকাৰৰ দিনত অলিয়ে–গলিয়ে ওলাইছে ড্ৰাগছ।

বৰঠাকুৰৰে লগতে শাসকীয় চৰকাৰখনক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়– এয়াই নহয় মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া লোকৰ মাটি কাঢ়ি বাহিৰাগতক মাটি প্ৰদানৰ লক্ষ্য বিজেপিৰ৷মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) চৰকাৰক প্ৰশ্ন কৰি মীৰা বৰঠাকুৰে কয়– পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিগৰাকী সদস্যক ১০ কোটি টকা দিয়াৰ ঘোষণা কৰিছিল? এবছৰ সম্পন্নৰ পিছতো আজিলৈ নাপালে টকা। এয়াই নেকি সফলতা? আনহাতে দলৰ মুখপাত্ৰ মনজিৎ মহন্তই কয়– অপৰিকল্পিত কাম–কাজেৰে অধিক ঋণ লোৱা শৰ্মা চৰকাৰৰ দিনত ৩৮ হাজাৰ টকাকৈ ঋণৰ বোজা প্ৰতিগৰাকী অসমৰ লোকৰ ওপৰত। তাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই হেলিকপ্টাৰ লৈ বিবাহ খাবলৈ যায়, এয়া আশ্চৰ্যকৰ।

Post a Comment

Previous Post Next Post