ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : পুৰণি দুখ আঁতৰি প্ৰণয়ৰ সম্পৰ্ক সুদৃঢ় হ’ব, প্ৰেমৰ নতুন দিগন্তৰ সূচনা হ’ব জীৱনত।
বৃষ : কৰ্মক্ষেত্ৰত পৰিস্থিতি ইতিবাচক হ’ব, লগতে প্ৰণয়ৰ সম্পৰ্কত নতুন আশা দেখা পাব পাৰে।
মিথুন : কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা হ’ব, নতুন চাকৰিৰ সন্ধান কৰাৰ শ্ৰেষ্ঠ সময়, তাৰ সদ্ব্যৱহাৰ কৰক।
কৰ্কট : বৰ্তমান প্ৰিয়জনৰ সান্নিধ্যত সুখ ভোগৰ চিন্তাই মন আন্দোলিত কৰি ৰাখিব, জীৱন মসৃনত গতিত চলিব।
সিংহ : প্ৰেমৰ সম্পৰ্কত আজি নতুনকৈ বিশ্বাস ঘূৰাই পাব, পাৰিবাৰিক ক্ষেত্ৰতো সুখৰ দিন।
কন্যা : অৱশেষত সকলো মানসিক জটিলতাৰ অৱসান হ’বলৈ গৈ আছে, বিশেষ সুখবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে!
তুলা : মানসিক দিশৰ পৰা জীৱন শান্তিৰে পৰিপূৰ্ণ হ’ব, লগতে উপাৰ্জনো বৃদ্ধি পাব।
বৃশ্চিক : খুব সহজতে আনৰ আকৰ্ষণৰ কেন্দ্ৰত থাকিব, যি কৰ্মক্ষেত্ৰতো সহায়ক হ’ব।
ধনু : মানসিক শান্তিৰ বাবে নিজকে সময় দিয়ক, নিজৰ হৃদয়ক উপলব্ধি কৰাৰ চেষ্টা কৰক।
মকৰ : নতুন পৰিচিতসকলৰ সুবাদত উন্নতিৰ নতুন সুযোগ আহিব, সেয়ে যোগাযোগ ৰক্ষা কৰক।
কুম্ভ : দীৰ্ঘদিনৰ প্ৰত্যাশা পূৰণ হ’ব, কৰ্মক্ষেত্ৰতো প্ৰতিবন্ধকতা দূৰ হ’ব।
মীন : শিক্ষাৰ সূত্ৰে বা কৰ্মসূত্ৰে দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে, নতুন পদক্ষেপুৰ বাবে দিনটো শুভ।
