আজি ধাৰাবাহিক জেৰাৰ অন্তত SCERTৰ কেলেংকাৰিত জড়িত কেউজনকে লৈ যোৱা হয় পাণবজাৰ আৰক্ষী থানাত। নিশাটো পাণবজাৰ থানাতে ৰাখিব ৬ অভিযুক্তক।
১০ ঘণ্টা ধৰি মাৰাথন জেৰা চলাই আটাইকেইজন অভিযুক্তক। কাইলৈ শনিবাৰে পুৱা পুনৰ জেৰা কৰাৰ পিছত বিয়লি আদালতত হাজিৰ কৰাব তেওঁলোকক।
এই কেলেংকাৰি সন্দৰ্ভত আন দুজন লোককো CM ভিজিলেন্সে জেৰা কৰে। তেওঁলোক ক্ৰমে মূল অভিযুক্ত পলাতক শেৱালি দেৱী শৰ্মাৰ জোঁৱায়েক আৰু আনজন সুজিত শ্বাহ।
সুজিত শ্বাহ পলাতক অজিত সিং পালৰ সম্পৰ্কীয় ব্যক্তি। অৱশ্যে দুয়োকে জেৰাৰ অন্তত যাবলৈ দিয়া হয়।
সুজিত শ্বাহ পলাতক অজিত সিং পালৰ সম্পৰ্কীয় ব্যক্তি। অৱশ্যে দুয়োকে জেৰাৰ অন্তত যাবলৈ দিয়া হয়।