কটন বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ আৰম্ভ 'The Cotton Conclave 2023'


 

কটন বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ  'The Cotton Conclave 2023' । কনক্লেভৰ আৰম্ভণি কৰিবলৈ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। The Cotton Conclave 2023' ত আলোচনা হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়।


ৰাজনীতি, বিজ্ঞান, বুৰঞ্জী, অৰ্থনীতি, সংগীত, চলচ্চিত্ৰ আদি কেইবাটাও বিষয়ত হ'ব গুৰুত্বপূৰ্ণ আলোচনা। বিশ্ববিদ্যালয়ৰ KBR প্ৰেক্ষগৃহত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰম্ভ হয় এই অনুষ্ঠান।

দুদিনীয়াকৈ আৰম্ভ কটন কনক্লেভ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য- "শৈক্ষিক জীৱনটো ছাত্ৰ–ছাত্ৰীৰ সোণালী সময়। এই সময়খিনিৰ সদ্ব্যৱহাৰ কৰিব লাগে। নিজৰ একাগ্ৰতা, মানসিক শক্তিৰে জ্ঞান আহৰণ কৰি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব। প্ৰত্যেকগৰাকী কটনিয়ানৰ সমাজৰ প্ৰতি দায়িত্ব আছে।"লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- একালত কটনত পঢ়াৰ সপোন আছিল, কিন্তু সেয়া হৈ নুঠিল। আপোনালোক সৌভাগ্য, সেই সুযোগ পাইছে। বৌদ্ধিক, ৰাজনৈতিক, সামাজিক ক্ষেত্ৰত কটনৰ অৰিহনা কোনেও নুই কৰিব নোৱাৰে। ছাত্ৰ জীৱন Golden period of life ।

এই সময়ৰ সদ ব্যৱহাৰেৰে সোণ বুটলিব লাগিব। কটনৰ ছাত্ৰ–ছাত্ৰীলৈ সকলোৱে আশা কৰে। অধ্যয়ন আৰু গৱেষণা কৰিব লাগিব ইয়াৰ বিকল্প নাই। এতিয়া প্ৰতিযোগিতাৰ যোগ গতিকে সেই দৃষ্টিভংগীৰে নিজক প্ৰস্তুত কৰিব লাগিব। প্ৰকৃতিৰ সুৰক্ষাৰ বাবে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ প্ৰসংগও উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

কটনৰ ছাত্র–ছাত্ৰীৰ ওপৰত মোৰ বিশ্বাস আছে, বিশ্বত জিলিকি ৰ'ব। সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃয়ে কটনত পঢ়াৰ দিনৰ স্মৃতি ছাত্ৰ–ছাত্ৰীৰ আগত ব্যক্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ছাত্ৰ–ছাত্ৰীক যোগ কৰাৰ পৰামৰ্শও দিলে সোণোৱালে। যোগ কৰাৰ উপকাৰিতাৰ বিষয়ে ক'লে মন্ত্ৰীগৰাকীয়ে। সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃয়ে কটনত পঢ়াৰ দিনৰ স্মৃতি ছাত্ৰ–ছাত্ৰীৰ আগত ব্যক্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়। ছাত্ৰ–ছাত্ৰীক যোগ কৰাৰ পৰামৰ্শও দিলে সোণোৱালে। যোগ কৰাৰ উপকাৰিতাৰ বিষয়ে ক'লে মন্ত্ৰী গৰাকীয়ে।

Post a Comment

Previous Post Next Post