জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBIক অৰ্পণ। CBI তদন্ত দিবলৈ অনুৰোধ জনাইছিল আৰক্ষী সঞ্চালকপ্ৰধানে। পৰিয়ালে বিচাৰিলে CBI তদন্তৰ দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইফালে, নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি। বদলি কৰা হৈছে লখিমপুৰৰ আৰক্ষী অদীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক। দুয়োখন জিলাৰ একাধিক আৰক্ষী বিষয়াকো বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে।
