নগাঁও সদৰ আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাক জেৰা চি আই ডিৰ, ৰাভাৰ আবাসত তালাচী


 

আৰক্ষী উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাক লৈ চি আই ডিয়ে চলাইছে দ্ৰুত তদন্ত। আজি নগাঁও সদৰ আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাক জেৰা কৰে চি আই ডিয়ে। নগাঁও সদৰ আৰক্ষী থানাৰ পৰা এখন বাহনত লৈ যোৱা হয় ভূঞাক। উল্লেখ্য, অডিঅ' ৰেকৰ্ডিঙত জোনমণিক হত্যাৰ অভিযোগ তুলিছিল অনিল ভূঞাই।


ইফালে, জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত ট্ৰাকচালক সুমিত কুমাৰক লগত লৈ চি আই ডিয়ে অনুসন্ধান চলায়। আৰক্ষীক লগত লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাৰ নক্সা প্ৰস্তুত কৰিছে চি আই ডিয়ে।

আনহাতে চি আই ডিয়ে জোনমণি ৰাভাৰ চৰকাৰী আৱাসত অভিযান চলালে। গুৱাহাটীৰ পৰা অহা CIDৰ দলটোৱে অভিযান চলায় জোনমণি ৰাভাৰ চৰকাৰী আৱাসত।

Post a Comment

Previous Post Next Post