ৰক্তদানতকৈ মহৎ কাম আৰু একোৱেই হ’ব নোৱাৰে। কাৰণ ৰক্তদান কৰি আমি আনৰ জীৱন ৰক্ষা কৰিব পাৰোঁ। এই মন্ত্ৰ উচ্চাৰণ কৰি মুম্বাইৰ বাসিন্দা প্ৰকাশ এম নাদাৰে দেশৰ বিভিন্ন ৰাজ্যত ৰক্তদান কৰি সজাগতাৰ বাৰ্তা বিয়পাইছে। পলিঅ’ৰ বাবে তেওঁৰ দুয়োখন ভৰি অসাৰ হৈ পৰিছে যদিও এই শাৰীৰিক প্ৰতিবন্ধকতা দূৰত ৰাখি তেওঁ ১২২ সংখ্যক ৰক্তদান কৰিবলৈ শিলচৰলৈ আহিছে। আজি ১৯ মে' ।
শিলচৰত যথাযথ মৰ্যাদাৰে পালন কৰা হৈছে ভাষা শ্বহীদ দিৱস। আজিৰ দিনটোতে বৰাক ভেলী ব্লাড ড'নাৰ্ছ ফ'ৰামৰ উদ্যোগত আয়োজিত এক ৰক্তদান শিবিৰত তেওঁ ১২২ সংখ্যক ৰক্তদান কৰাৰ লগতে যুৱক-যুৱতীসকলৰ মাজত সজাগতাৰ বাৰ্তা বিয়পায় । ২০১৩ চনৰ পৰা প্ৰকাশ এম নাদাৰৰ ৰক্তদান আন্দোলনৰ এই যাত্ৰা আৰম্ভ হৈছিল।
২৫খন ৰাজ্য ভ্ৰমণ কৰি ৰক্তদান কৰা তেওঁ দেশৰ প্ৰথমজন প্ৰতিবন্ধী খেলুৱৈ। তেওঁৰ ২৬ সংখ্যক ৰাজ্য ভ্ৰমণ অসমলৈ আহি সম্পূৰ্ণ হ’ল। তেওঁ এজন পেৰা ছুইমাৰ, পেৰা লিফ্টাৰ আৰু এথলীট। তেওঁ বিভিন্ন দেশত এই খেলসমূহত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ এতিয়ালৈকে লাভ কৰিছে ১৩৫টাতকৈও অধিক পদক।বৰাক উপত্যকাৰ ভাষা শ্বহীদসকলৰ আত্মত্যাগী আৱেগে সুদূৰ মুম্বাইৰ পৰা বিশ্ব অভিলেখ সৃষ্টিকাৰী পেৰা সাঁতোৰবিদ প্ৰকাশ মুৰ্গান নাদাৰক ৰক্তদান কৰিবলৈ টানি আনে। শিশু অৱস্থাতে পলিঅ'ত আক্ৰান্ত হৈ দুয়োখন ভৰি হেৰুওৱা প্ৰকাশ মুৰ্গানে পিছলৈ এছিয়ান গেমছ আৰু পেৰা ছুইমিঙৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে।
১৬ বছৰ বয়সৰ পৰাই ৰক্তদান আন্দোলনত জড়িত তেওঁ ইতিমধ্যে ১২১ বাৰ ৰক্তদান কৰিছে। বৰাক উপত্যকাৰ ভাষা শ্বহীদৰ কাহিনী শুনি তেওঁ ১৯ মে’ত শিলচৰলৈ আহি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰক্তদান কৰাৰ সিদ্ধান্ত লয়। প্ৰকাশ নাদাৰে কয় যে তেওঁ জন্মতে এই অৱস্থাৰ সন্মুখীন হোৱা নাই যদিও পলিঅ’ই জীৱনৰ এটা দিশ কাঢ়ি লৈ যায়। ৯ বছৰ বয়সৰ পৰাই নিজকে তেওঁ সাঁতোৰবিদ হিচাপে গঢ়ি তুলিছিল আৰু এবাৰ এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ দৰে ইভেণ্টৰ বাবে যোগ্যতাও অৰ্জন কৰিছিল।
তেওঁ লগতে কয়- "দেউতাই মোক কেতিয়াও দিব্যাংগ বুলি গণ্য কৰা নাছিল আৰু মোক সাধাৰণ মানুহৰ মাজত কাম কৰাইছিল যাতে মই কেতিয়াও সৰু বা বেলেগ অনুভৱ নকৰোঁ।। বাবাই সদায় কৈছিল যে আমাৰ জীৱনৰ লক্ষ্য সমাজলৈ কিবা এটা অৱদান আগবঢ়োৱা। এজন ব্যক্তিক তেজৰ প্ৰয়োজন আছিল আৰু সেই সময়ত কোনো নাছিল, মোৰ বয়স আছিল ১৬ বছৰ ৫ মাহ ৷ কিন্তু সাঁতোৰবিদ হিচাপে বহুত ফিট আছিলোঁ। মই আগবাঢ়ি আহি তেজ দিলোঁ, প্ৰথমতে সিহঁতে মোৰ তেজ ল'ব বিচৰা নাছিল কাৰণ মোৰ বয়স হোৱা নাছিল।
কিন্তু আন কোনো বিকল্প নাছিল আৰু তাৰ পৰাই মোৰ ৰক্তদান যাত্ৰা আৰম্ভ হৈছিল। তেতিয়াই মোৰ মনলৈ আহিল দেউতাৰ কথা, মই বুজিলোঁ যে এইটোৱেই মোৰ সমাজৰ বাবে কিবা এটা কৰাৰ সুযোগ। তাৰ পিছৰ পৰা মই একেৰাহে ৩২ বছৰ ধৰি ৰক্তদান কৰি আহিছোঁ আৰু শুকুৰবাৰে মোৰ ৰক্তদানৰ সংখ্যা ১২২ হ’ল। "
তেওঁ কয় যে তেওঁ কেইদিনমানৰ ভিতৰতে উপলব্ধি কৰিলে যে কেৱল তেজ দিলেই দায়িত্ব শেষ নহয়। "এজনৰ ৰক্তদানে কমেও তিনিজন ৰোগীক সহায় কৰিব। কিন্তু যদি আমি সজাগতা বিয়পাব পাৰোঁ আৰু অধিক লোকক ৰক্তদান কৰিবলৈ উৎসাহিত কৰিব পাৰোঁ তেন্তে আৰু বহু লোক উপকৃত হ’ব, যেতিয়া এই কথা মনলৈ আহে মই প্ৰচাৰ আৰম্ভ কৰোঁ। পেৰা ছুইমিঙত মোৰ ব্যক্তিগত সফলতাৰ বাবে মোক বহু ডাঙৰ মানুহে সন্মান কৰে আৰু বিভিন্ন ঠাইত মোক মাতি নিয়া আৰু সন্মান জনোৱা হৈছে । যেতিয়াই কোনোবাই মোৰ ওচৰলৈ আহি কথা পাতে মই তেওঁলোকক সুধিছোঁ যে তেওঁলোকে কিয় তেজ নিদিয়ে ?
কোনেও যাতে এৰাই চলিব নোৱাৰে তাৰ বাবে মঞ্চত মুকলিকৈ প্ৰশ্নবোৰ সুধিছোঁ । বহু ৰাজনৈতিক নেতা আৰু গণ্যমান্য ব্যক্তিয়ে মোৰ কথা পালন কৰিবলৈ তেজ দিছে আৰু তেওঁলোকৰ অনুগামীসকলেও একে পথেই অনুসৰণ কৰিছে ।" এই মন্তব্য খেলুৱৈগৰাকীৰ ৷
তেওঁ লাহে লাহে দেশৰ অন্য প্ৰান্তত সজাগতা বিয়পাবলৈ আৰম্ভ কৰিছে । দক্ষিণ ভাৰতৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈকে তেওঁ সকলো দিশতে সজাগতাৰ পোহৰ লৈ যাত্ৰা কৰে । কিন্তু উত্তৰ-পূব ভাৰতত ইয়াৰ প্ৰভাৱ কম । অৰুণাচল প্ৰদেশ আৰু অসমৰ বাহিৰে আন ৰাজ্যলৈ যাব পৰা নাছিল । য'তেই যায়, নিজৰ খৰচত ঘূৰি ফুৰে, নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় পৰিচালনা কৰে, ৰক্তদানৰ সজাগতা বিয়পোৱাৰ বাবে জীৱনত নিজৰ সকলোখিনি দি আহিছে ।
তেওঁ কয়, ‘এসময়ত সজাগতা নাছিল, সাধাৰণ মানুহৰ ওচৰলৈ গৈ ৰক্তদানৰ কথা কোৱাটো কঠিন আছিল । মোৰ দৰে বহুতে স্বেচ্ছাই এই কথা প্ৰচাৰ কৰিছিল, হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছিল । বহুতে কয় যে মোৰ ৰক্তদান কৰাত কোনো সমস্যা নাই কাৰণ মোক যথেষ্ট মোটা দেখা যায় । মই তেওঁলোকক বুজাই দিওঁ যে শৰীৰৰ ওজন নহয় স্বাস্থ্য আৰু ভাল জীৱন যাপন কৰাটোৱেই তেজ দিয়াৰ চাবিকাঠি ।' যেতিয়া তেওঁ পেৰাছুইমাৰ হিচাপে নিজৰ কেৰিয়াৰ বাছি লৈছিল, তেতিয়া ভাৰতত এনে খেলৰ প্ৰতি কোনো সচেতনতা নাছিল । তেওঁ কয়, ‘আমি প্ৰতিটো স্থানতে যুঁজিবলগীয়া হৈছিল আৰু লাহে লাহে সফলতাৰ জখলা বগাইছিলো ।
