গুৱাহাটী প্ৰেছ ক্লাবত প্ৰেছ ক্লাবৰ নিৰ্বাচনী কমিটীৰ সংবাদমেল। আগন্তুক গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটাৰ তালিকা, নীতি-নিয়ম আদিৰ বিষয়ে অৱগত কৰা হয় সংবাদমেলত।
সদস্য পদৰ বাবে ১১০৭ জনে আবেদন কৰিছিল। ইয়াৰে ৮৩২ জনক সদস্য পদ দিয়া হৈছে। ৮৩২ জনৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। ১০ টা পদত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ আগন্তুক নিৰ্বাচন।
পূৰ্ণাংগ ভোটাৰ তালিকা ১৯ মে'ত প্ৰকাশ কৰা হ'ব। ১৯ মে'ৰ পৰা ২১ মে'লৈকে আবেদন পত্ৰ ল'ব পৰিব। ২২ মে'ত আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ। আবেদন পত্ৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত জমা দিব লাগিব। ২৫ মে'ত ৫ বজাৰ লগে লগে পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ২৭ মে'ত চূড়ান্ত প্ৰাৰ্থী তালিকা লাভ কৰিব। ৩ জুনত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। জুনৰ ৪ তাৰিখে ঘোষণা কৰা হ'ব ফলাফল। নমিনী পত্ৰৰ লগতে এখনি শপতনামা পত্ৰ নতুনকৈ সংযোগ কৰা হৈছে এইবাৰৰ নিৰ্বাচনৰ বাবে।
