RBI withdraws Rs 2,000 notes: দুহাজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ



 ২০০০ টকীয়া নোট প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰ বি আয়ে। ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০০ টকাৰ নোট প্ৰদান বন্ধ কৰিবলৈ বেংকসমূহক পৰামৰ্শ দিছে।


তথ্য অনুসৰি ক্লীন নোট পলিচীৰ (Clean Note Policy) ৰ অধীনত ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই নোটসমূহ ৩০ ছেপ্টেম্বৰলৈকে আইনগতভাৱে বৈধ হৈ থাকিব বুলি ৰিজাৰ্ভ বেংকে জনাইছে। উল্লেখ্য, বিমুদ্ৰাকৰণৰ সময়ৰ পৰাই ২০০০ টকীয়া নোট দেশত প্ৰচলন হৈ আছিল।

Post a Comment

Previous Post Next Post