জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আভাজ্যোতি ৰাভাক জেৰা CIDৰ। নগাঁও পুলিচ গেষ্ট হাউছত জেৰা আভাজ্যোতি ৰাভাক। হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা। জোনমণিৰ মাতৃয়ে আভাজ্যোতি ৰাভা আৰু সদৰ OC মনোজ ৰাজবংশীৰ বিৰুদ্ধে আনিছিল বহু অভিযোগ।
উল্লেখযোগ্য যে জোনমণিৰ মৃত্যুৰ ঘটনা তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে চি আই ডিক। ইতিমধ্যে ঘটনাৰ তদন্তত নামি পৰিছে চিআইডি। জোনমণিৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল কেতবোৰ চাঞ্চল্যকৰ তথ্য। ঘটনাৰ নিশা জোনমণিয়ে আভাজ্যোতিৰ সৈতে ওলাই যোৱাৰ কথা ফোনযোগে জনাইছিল বুলি সংবাদ মাধ্যমৰ আগত জনাইছে জোনমণিৰ মাতৃয়ে।
