বৃহৎ পৰিমাণৰ গাঞ্জাসহ চাৰি মহিলাক গ্ৰেপ্তাৰ বদৰপুৰ ৰে'ল আৰক্ষীৰ


 

পুনৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে'লৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ উপৰি চাৰিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে ।মঙলবাৰে আৰ পি এফ আৰু জি আৰ পিৰ যৌথ অভিযানত বিহাৰ অভিমুখী আগৰতলা-শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লত গাঞ্জাখিনি জব্দ কৰাৰ লগতে মহিলাকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।


মঙলবাৰে পুৱা এটা গোপন সূত্ৰৰ পৰা বদৰপুৰ ৰে'লৱে আৰক্ষীলৈ খবৰ আহিছিল যে বদৰপুৰ ষ্টেচন হৈ বিহাৰলৈ বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহ কৰা হ’ব। এই খবৰ পোৱাৰ লগে লগে বদৰপুৰ জি আৰ পি, আৰ পি এফ বাহিনীসহ বদৰপুৰ ষ্টেচন এলেকালৈ আহে।

জানিব পৰা মতে, আজিৰ দিনটোত প্ৰায় ১২.৩০ বজাত আগৰতলা-শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন বদৰপুৰ ষ্টেচনত অহাৰ লগে লগে আৰক্ষীয়ে এই অভিযান চলাই চাৰিগৰাকী মহিলাৰ বেগৰ পৰা আঠটা পেকেটত পাঁচ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। ৰে'লৱে আৰক্ষীৰ মতে যাৰ বজাৰ মূল্য হ’ব প্ৰায় ৫০ হাজাৰ টকা।গ্ৰেপ্তাৰ হোৱা চাৰিগৰাকী মহিলাৰ নাম অনিতা দেৱী, গীতা দেৱী, কালাৱতী দেৱী আৰু ৰেখা দেৱী। ইয়াৰে চাৰিগৰাকী বিহাৰৰ। এই গাঞ্জা আগৰতলাৰ পৰা বিহাৰৰ পাটনালৈ প্ৰেৰণ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে মহিলাকেইগৰাকীয়ে।

Post a Comment

Previous Post Next Post