অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি অভিজ্ঞতা আঁচনিৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত টীয়কৰ কলিয়াপানীস্থিত আজি কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ প্ৰাংগণত এখনি কৃষি বিষয়ক প্ৰদৰ্শনী আৰু বিশেষ সভা অনুস্থিত কৰা হয় ।
উক্ত প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ সময়ছোৱাত যি যি জ্ঞান আহৰণ কৰিলে তাৰ লগত ব্যৱহাৰিক জ্ঞানৰ সমন্বয় ঘটাই বিভিন্ন বিজ্ঞান ভিত্তিক খেতি খোলাৰ প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে উক্ত সভাত বৃহত্তৰ টীয়ক অঞ্চলৰ বহুকেইজন আদৰ্শ কৃষকৰ সৈতে এক বাৰ্তালাপৰ অনুষ্ঠান অনুস্থিত কৰে উদ্যোক্তাসকলে ।
উক্ত সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ডি এছ ডাব্লিউ ড° ৰাণা প্ৰতাপ ভুঞা,অধ্যাপক ড° ৰমানন্দ নাথ শৰ্মা, অধ্যাপক ড° কৌশিক দাস,অধ্যাপক ড° অপৰাজিতা বৰা,সহকাৰী অধ্যাপক ড° সোণতৰা কলিতা,কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ মুৰব্বী জ্যেষ্ঠ বিজ্ঞানী ড° সঞ্জয় বৰঠাকুৰ,শৰ্মিষ্ঠা বৰগোহাঁইকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।
