ফাঁচি নে যাৱজ্জীৱন কাৰাদণ্ড? আজি আদালতে ঘোষণা কৰিব সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি

 


আজি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিব সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি। বুধবাৰে এই ঘটনাৰ চূড়ান্ত ৰায় দিছিল আদালতে। আদালতে ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰাৰ লগতে দোষী সাব্যস্ত কৰে অভিযুক্ত ৱাৰ্ড বয় কিৰো মেছক।


উল্লেখযোগ্য যে বুধবাৰে ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় (Dr Sarita Toshniwal murder case verdict) দিয়ে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে। ৮ বছৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে আদালতে। ৱাৰ্ড বয় কিৰো মেছক এই ঘটনাত দোষী সাব্যস্ত কৰা হয়।২০১৪ চনৰ ৯ মে’ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড (Dr Sarita Toshniwal murder case)। AMCHৰ ICU কক্ষত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালক। হত্যা কৰি বিচনাত শুৱাই থোৱা হৈছিল সৰিতাক। সৰিতাৰ ডিঙিত সোমাই আছিল অস্ত্ৰোপচাৰ কৰা ছুৰী। হত্যাকাৰী কিৰো মেছৰ ডিঙিতো আছিল আঘাতৰ চিন। আঘাতৰ চিন দেখি কিৰোক আটক কৰিছিল আৰক্ষীয়ে। কিৰো মেছৰ বঙালগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা জব্দ কৰিছিল সৰিতাৰ মোবাইল ফোন। আনহাতে, AMCHৰ পিছফালৰ এখন চাহ বাগানৰ পৰা জব্দ কৰিছিল মোবাইলৰ ছিম।

Post a Comment

Previous Post Next Post