ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ব্যাপক সালসলনিৰ সিদ্ধান্ত উপায়ুক্ত সন্মিলনত, প্ৰতিটো সমষ্টিত হ’ব উপ–জিলা


 

১৫ মে’ৰ পৰা তিনিচুকীয়াৰ কনভেন্সন চেণ্টাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত পঞ্চম উপায়ুক্ত সন্মিলনৰ বুধবাৰে সামৰণি পৰে। দুদিন ধৰি উপায়ুক্তসকলৰ সৈতে হোৱা মুঠ ৩২ ঘণ্টাজোৰা আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সালসলনি ঘটোৱাৰ কথা ঘোষণা কৰে। সেই অনুসৰি জিলা উপায়ুক্ত পদৰ বিলুপ্তি ঘটাই এতিয়াৰে পৰা জিলা আয়ুক্ত হিচাপে বিবেচনা কৰাৰ সিদ্ধান্ত লোৱা হ‌য় উপায়ুক্ত সন্মিলনত।


প্ৰতিটো সমষ্টিক একোখনকৈ উপ–জিলা হিচাপে গঠন কৰি ইয়াৰ প্ৰশাসনিক মুৰব্বীক উপায়ুক্ত হিচাপে গণ্য কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এতিয়াৰে পৰা মাণ্ডলিক আয়ুক্ত ব্যৱস্থাটো ভংগ কৰি দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জানিবলৈ দিয়ে।

ৰাজহ চক্ৰ বিষয়াসকলক অতিৰিক্ত উপায়ুক্তৰ পদ মৰ্যাদা প্ৰদান কৰি প্ৰতিটো সমষ্টিত গঠন কৰি দিয়া হ’ব একোটাকৈ ৰাজহ চক্ৰ। সমষ্টিৰ সমস্যা যাতে সমষ্টিতে ৰাইজে সমাধান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন ব্যৱস্থাত এই সালসলনি অনা হৈছে বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উপায়ুক্ত সন্মিলনৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম আগবাঢ়ি থকাৰ কথা উপায়ুক্তসকলে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে। উদাহৰণস্বৰূপে জল জীৱন আঁচনি ৰূপায়ণত অসমে কেৰালাক পিছ পেলোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

অৱশ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণ প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ কৰি তুলিবৰ বাবে উপায়ুক্ত সন্মিলনত বিস্তৃত আলোচনা কৰা হয়। সম্ভাৱ্য বান পৰিস্থিতিৰ মোকামিলা কৰিবলৈ ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভতো উপায়ুক্ত সন্মিলনত আলোচনা কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উপায়ুক্ত সন্মিলনৰ জৰিয়তে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত অনা ব্যাপক সালসলনিয়ে সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Post a Comment

Previous Post Next Post