বিনিয়োগ মাত্ৰ দুহেজাৰ টকা : ঘৰতে চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী লখিমপুৰৰ দম্পতী


  

ব্যৱসায় এটা আৰম্ভ কৰিবলৈ বৃহৎ পৰিমাণৰ পুঁজিৰ যে প্ৰয়োজন নাই সেই কথা লখিমপুৰৰ এজন যুৱকে প্ৰমাণ কৰি দেখুৱাইছে ৷ ডাঙৰ সপোন এটা পূৰোৱাৰ প্ৰক্ৰিয়াটো সৰুকৈয়েই আৰম্ভ কৰি যুৱকজনে কম সময়তে কিছু সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে ৷


সেয়া আছিল প্ৰায় তিনিমাহৰ আগৰ কথা ৷ ইণ্টাৰনেটৰ সুব্যৱহাৰ কৰি ৰাজেন বৰা নামৰ যুৱকজন আৰু পত্নীয়ে ইউটিউবকে গুৰু মানি আৰম্ভ কৰিছিল চাবোন প্ৰস্তুতৰ ব্যৱসায়। ইয়াৰ বাবে বিনিয়োগ কৰিলে মাত্ৰ দুহেজাৰ টকা ৷ এই দুহেজাৰ টকাৰে চাবোন প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰি নিজ ঘৰতেই ব্যৱসায় আৰম্ভ কৰে ৷

বিশেষ কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ ঘৰতে উপলব্ধ নিম, অমিতা, হালধি আদিৰে প্ৰস্তুত কৰা চাবোনসমূহে স্থানীয়ভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷আজৰি সময়ত ৰাজেন বৰা আৰু তেওঁৰ পত্নীয়ে প্ৰস্তুত কৰা চাবোনৰ চাহিদা বৃদ্ধি পাইছে যদিও সময় আৰু নিৰ্মাণ সামগ্ৰীৰ অভাৱত সেই চাহিদা পূৰণ কৰিব পৰা নাই ৷ লখিমপুৰৰ দেওতোলাৰ ৰাজেন বৰাৰ সপোন- এই চাবোনৰ ব্যৱসায়ে এদিন বজাৰ দখল কৰি এটা ব্ৰেণ্ডলৈ পৰিণত হ'ব।

Post a Comment

Previous Post Next Post