ক্ষুদ্ৰতম লুডু সাজি ইন্টাৰনেচনেল বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিলে নলবাৰীৰ ছাত্ৰই



 মনৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত মানুহে অসাধ্যও সাধন কৰিব পাৰে। নিৰৱচ্ছিন্ন চেষ্টাৰ ফলত বহু জটিল কাম পিছলৈ সহজ হৈ পৰে। এনেকুৱা অসাধ্যকো সাধ্য কৰি দেখুৱাইছে নলবাৰীৰ এগৰাকী ছাত্ৰই।


নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ গন্ধিয়াৰ তথা বৰ্তমান নলবাৰীৰ বাসিন্দা মনোজ কুমাৰ বৰ্মন আৰু সৰজু দেৱীৰ পুত্ৰ উজ্জ্বল প্ৰতীম কাশ্যপে বিশ্বৰ ভিতৰতে সৰু হাতে বনোৱা লুডু নিৰ্মাণ কৰি International Book of Records আৰু Assam Book of Recordsত নিজৰ নাম অন্তৰ্ভুক্ত কৰি নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিছে।সদায় নতুন কিবা কৰাৰ প্ৰয়াস কৰা উজ্বল নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেনীৰ ছাত্ৰ। কিবা এটা ব্যতিক্ৰমী সজাৰ দুৰ্বাৰ হেপাঁহ থকা উজ্জ্বলে নিজৰ একাগ্ৰতা আৰু চেষ্টাৰ ফলত অতি কম সময়তেই সবাতোকৈ সৰু হাতে বনোৱা লুডুৰে এতিয়া সফল হ'ল।

এদিনৰ নেৰা-নেপেৰা প্ৰচেষ্টাত উজ্জ্বলে নিজ হাতেৰে সবাতোকৈ সৰু লুডু নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। International Book Of Record আৰু Assam Book of Records ত উজ্জ্বল প্ৰতিম কাশ্যপৰ নাম অন্তৰ্ভুক্ত হোৱাত নিজৰ লগতে পিতৃ-মাতৃৰ উপৰিও আত্মীয় সকল উৎফুল্লিত হৈ পৰিছে।

Post a Comment

Previous Post Next Post