দেহৰক্ষীক শ্বেৰমান আলীৰ চৰম দুৰ্ব্যৱহাৰ, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ক’লে – AIUDF আৰু কংগ্ৰেছৰ দুষ্কৃতিৰ চাক্ষুষ উদাহৰণ শ্বেৰমান আলী


 

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ (Sherman Ali Ahmed) আচৰণক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পাবলগীয়া টকা বিচৰাৰ বাবে নিজৰ দেহৰক্ষীক মণ্ডল কংগ্ৰেছৰ সভাপতিক গুলীওৱাৰ নিৰ্দেশ দিছিল শ্বেৰমানে। গুলী নুফুটোৱাৰ বাবে দেহৰক্ষীক অশ্লীল ভাষাৰে গালি–গালাজ কৰিছিল বিধায়কগৰাকীয়ে। এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।


এই ঘটনাক লৈ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) কয়, ‘‘শ্বেৰমান আলীয়ে দেহৰক্ষীক কৰা ব্যৱহাৰক ধিক্কাৰ দিছো। শ্বেৰমান আলী মূলত কংগ্ৰেছ আৰু AIUDFৰ পোষ্য পুত্ৰ। তেখেতৰ সংস্কৃতি আৰু দুষ্কৃতিৰ চিন্তা–চৰ্চা সকলো কংগ্ৰেছ আৰু AIUDFৰ মিলিত প্ৰচেষ্টাত গঢ় লৈ উঠিছে। কংগ্ৰেছ আৰু AUIDF–এ কি বিহিত ব্যৱস্থা লয় সেয়া ডাঙৰকথা। AIUDF আৰু কংগ্ৰেছৰ চাক্ষুষ উদাহৰণ শ্বেৰমান আলী। অসম আৰক্ষী ব্যৱহৃত নহয়।’’

উল্লেখযোগ্য যে বুধবাৰে বাঘমাৰাত বিধায়ক শ্বেৰমান আলী আহমেদে এটা পঞ্চায়ত গৃহ উদ্বোধন কৰিছিল। উক্ত স্থানলৈ যোৱাৰ সময়তে যোৱা বিধানসভা নিৰ্বাচনত বাঘমাৰাচৰ মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাকুল আলমে নিৰ্বাচনৰ সময়ত ২ লাখ টকা খৰচ কৰা বুলি সদৰী কৰে।বিগত দুটা বছৰ পাৰ হৈ যোৱাৰ পিছতো টকা নোপোৱাত মণ্ডল কংগ্ৰেছৰ সভাপতিজনে বিধায়কজনৰ ওচৰত পাবলগীয়া টকা বিচৰাত বিধায়কজনে খঙত অগ্নিশৰ্মা হৈ নিজৰ দেহৰক্ষীক মণ্ডল কংগ্ৰেছৰ সভাপতিজনক গুলী কৰাৰ নিৰ্দেশ দিয়ে। কিন্তু দেহৰক্ষীজনে বিধায়কজনৰ নিৰ্দেশ পালন নকৰাত তেওঁক অকথ্য গালি–গালাজ কৰে। বিধায়কজনৰ এনে কাৰ্যত স্থানীয় একাংশ ৰাইজে ক্ষুব্ধ হৈ বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Post a Comment

Previous Post Next Post