বাক্সাত ৬০ সংখ্যক বড়ো মাধ্যম দিৱস পালন; ষষ্ঠ শ্ৰেণীত গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী ভাষালৈ পৰিৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ


 

বাক্সাত আজি ৬০ সংখ্যক বড়ো মাধ্যম দিৱস পালন কৰা হৈছে। আজিৰ দিনটোতে বড়ো ভাষাই সমগ্ৰ অসমতে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ তেতিয়াৰে পৰা বড়ো সাহিত্য সভা আৰু এবছুৱে আজিৰ দিনটোক বড়ো মাধ্যম প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে ৷


এই উপলক্ষে বাক্সা জিলাৰ বাগানপাৰাত দিনযোৰা কাৰ্যসূচীৰে বড়ো মাধ্যম দিৱস উদযাপন কৰা হয় ৷ বাক্সা জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু বাগানপাৰা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত মাধ্যম দিৱসৰ পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিনোদ স্বৰ্গীয়াৰীয়ে ৷ ইয়াৰ পিছতে বড়ো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ মৃত্যুক আকোৱালি লোৱা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জেব্ৰা খুংগুৰ উজিৰে ৷ লগতে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে বাগানপাৰাৰ ৰাজপথত এক সমদল উলিয়াই বড়ো ভাষাক জীয়াই ৰখাৰ বাবে আহ্বান জনায় ৷

উল্লেখ্য যে এই দিনটোত পুনৰ চৰকাৰৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে নিজৰ স্থিতি বৰ্তাই ৰাখে বড়ো সাহিত্য সভাই। কোনোপধ্যে ষষ্ঠ শ্ৰেণীত গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষালৈ পৰিৱৰ্তন কৰা সিদ্ধান্তক বড়ো সাহিত্য সভাই মানি নলয় বুলি হুংকাৰ দিয়ে। বড়ো সাহিত্য সভাৰ বাক্সা জিলা সমিতিৰ সভাপতি বিনোদ স্বৰ্গীয়াৰীয়ে ইংৰাজী প্ৰৱৰ্তনে মাতৃভাষা মাধ্যমক ধ্বংস কৰিব বুলি অভিযোগ উত্থাপন কৰি এইক্ষেত্ৰত চৰকাৰক আলোচনাৰ বাবে আহ্বান জনায় ৷


Post a Comment

Previous Post Next Post