কাছাৰৰ লক্ষীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Cachar Accident)। এই দুৰ্ঘটনাত নিহত হয় দুজন লোক। ট্ৰাক আৰু যাত্ৰীবাহী অটোৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত এগৰাকী মহিলাসহ আন এজন লোকৰ থিতাতে মৃত্যু হয়।
মৃত মহিলাগৰাকীৰ নাম বিজুলী বৰ্মন আৰু লোকজনৰ নাম অমিত ৰাজবংশী। জুজাং পাহাৰৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। আন দুজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। নিহত দুয়োৰে ঘৰ কাছাৰৰ জিৰিঘাট থানাৰ অন্তৰ্গত লক্ষীনগৰত। আহত দুজনক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।
