টীয়কত নিশা শোকাৱহ দুৰ্ঘটনা। জগদুৱাৰ নদীত বাহনসহ ডুব গ’ল ONGCত কৰ্মৰত বিষয়া। দুৰ্ঘটনাত কৰুণভাৱে মৃত্যুক সাবটি লয় ভাস্কৰজ্যোতি বৰ্মন নামৰ লোকজনে। মৃত ভাস্কৰজ্যোতি বৰ্মনৰ ঘৰ গুৱাহাটীৰ বামুণীমৈদামত।
টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। যোৰহাট অভিমুখে আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো। চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম চলি থকা স্থানত কোনো ধৰণৰ সাংকেতিক চিহ্ন নথকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
নিয়ন্ত্ৰণ হেৰুৱাই ভাস্কৰজ্যোতি বৰ্মনে চলাই অহা AS06P9587 নম্বৰৰ টয়’টা এটিয়ছ বাহনখন নদীত বাগৰি পৰে। যাৰ ফলত কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় লোকজনে। বাহনখনৰ ভিতৰৰ পৰা ইতিমধ্যে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
