হিন্দু বাঙালীক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে নাগৰিকত্ব সংশোধনী আইন । ফলত বাংলাদেশৰ পৰা শৰণাৰ্থী হিচাপে আহি বৰাক উপত্যকা আৰু অসমৰ বিভিন্ন অঞ্চলত বসতি স্থাপন কৰা নাগৰিকসকলক মানৱীয় দৃষ্টিকোণৰ পৰা নিঃচৰ্ত নাগৰিকত্ব দিয়া উচিত । এই দাবী উত্থাপন কৰিছে গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, চি আৰ পি চিৰ মুখ্য উপদেষ্টা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ।
আজি শিলচৰত এক মত বিনিময় অনুষ্ঠানত ভাগ লৈ তেওঁ কয় যে এন আৰ চি আৰু ‘কা’ক লৈ বিভিন্ন ধৰণে ৰাজনীতি চলি আছে । চৰকাৰে এই ৰাজনীতি বন্ধ কৰি অতি সোনকালে নাগৰিকৰ সমস্যা সমাধান কৰক ।
জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে আৰু কয় যে কোনো বাঙালী হিন্দু CAA ৰ পৰা লাভৱান হোৱা নাই।
এই আইনত স্পষ্টকৈ উল্লেখ আছে যে সাম্প্ৰদায়িক সংঘৰ্ষ বা নিৰ্যাতনৰ বাবে পাকিস্তান-বাংলাদেশৰ পৰা অহা হিন্দুসকলে এই দেশত নাগৰিকত্ব লাভ কৰিব । কিন্তু ভুক্তভোগীৰ হাতত নিৰ্যাতন বা হিংসাৰ প্ৰমাণ থাকিব লাগিব । এই প্ৰমাণ দেখুৱাব নোৱাৰিলে নাগৰিকত্ব দিয়া নহ’ব । গতিকে CAA ক লৈ উন্মাদ হোৱাৰ কোনো কাৰণ নাই ।
তেওঁ কয়, সংশোধিত নাগৰিকত্ব আইনখন ৰাজহুৱাভাৱে এনেদৰে দাঙি ধৰা হৈছে যে এই আইনৰ দ্বাৰা হিন্দু বাঙালীসকলক ৰক্ষা কৰা হৈছে । কিন্তু বাস্তৱে বেলেগ কথা কয় । শৰণাৰ্থী বাঙালী হিন্দু এতিয়ালৈকে CAA ৰ পৰা লাভৱান হোৱা নাই ।
ফলত চৰকাৰে CAA বাদ দি সকলোকে মানৱীয় দৃষ্টিভংগীৰে নাগৰিকত্ব প্ৰদান কৰিব লাগে । ভিত্তিবৰ্ষ থাকিব নালাগে বুলিও চৌধুৰীয়ে দাবী জনায়।
ফলত চৰকাৰে CAA বাদ দি সকলোকে মানৱীয় দৃষ্টিভংগীৰে নাগৰিকত্ব প্ৰদান কৰিব লাগে । ভিত্তিবৰ্ষ থাকিব নালাগে বুলিও চৌধুৰীয়ে দাবী জনায়।
