যিকোনো ক্ষেত্ৰতে মানুহৰ দৃষ্টি থাকিব লাগে, এই দৃষ্টিৰ পৰাই সৃষ্টিৰ উদ্ভৱ হয় । মানুহৰ জীৱনত সদনাম আৰু বদনাম দুটা দিশ থাকে। এতিয়া নিজে চিন্তা কৰিব লাগিব সদনাম ৰাখিম নে বদনাম ৰাখি থৈ যাম । টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চাণক্য চৰণ কলিতাই সমাজ জীৱন, জাতীয় জীৱনক আগুৱাই নিয়াত ভূমিকা পালন কৰিছিল বাবে আজি টিহুবাসীয়ে তেওঁৰ গুণাণুকীৰ্তন কৰিবলৈ আগবাঢ়ি আহিছে ।
আজি টিহু সাহিত্য সভাৰ উদ্যোগত টিহুৰ বিদ্যানগৰত আয়োজিত টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সমাজকৰ্মী চাণক্য চৰণ কলিতাৰ সোঁৱৰণত অজিত কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা "সব্যসাচী চাচক" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি এইদৰে কয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই । ভাষণ প্ৰসংগত প্ৰধান সম্পাদক গৰাকীয়ে পুনৰ কয় যে আমি বিহু উৎসৱ পাতো, কিন্তু বিহুৱানখন বোৱা শিপিনী সকলক সম্বৰ্ধনা দিবলৈ অথবা কৃষি ভিত্তিক বিহু উৎসৱত কৃষকক সম্বৰ্ধনা দিবলৈ ইচ্ছা নকৰো । এয়া শুভ লক্ষণ নহয় ।
টিহু সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথিৰ ভাষণ দি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গংগাধৰ ৰামছিয়াৰীয়ে কয় যে সমাজৰ বাবে নিস্বাৰ্থ ভাৱে ত্যাগ কৰা লোকৰ সংখ্যা কমি আহিছে । কিন্তু প্ৰয়াত চাণক্য চৰণ কলিতা সচা অৰ্থৎ এগৰাকী শিক্ষক, সচা সমাজকৰ্মী, সংস্কৃতিৱান ব্যক্তি আছিল। টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শংকৰ কুমাৰ দাসে আদৰণি ভাষণ দিয়া আৰু টিহু সাহিত্য সভাৰ সম্পাদক ড° হেমেন ৰাজবংশীয়ে আঁতধৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে ভাষণ দিয়ে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ।
শিল্পী-গীতিকাৰ হেমন্ত তালুকদাৰৰ শ্ৰদ্ধাৰ্ঘ গীতেৰে আৰম্ভ কৰা সভাখনত গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক তথা টিহু সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অজিত কুমাৰ শৰ্মা, দেৱচৰা হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক নগেন চন্দ্ৰ দাস, টিহু ছোৱালী হাইস্কুলৰ অৱসৰী শিক্ষক সঞ্জয় কলিতা, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই বক্তব্য আগবঢ়ায় ।
প্ৰয়াত চাণক্য চৰণ কলিতাৰ সহধৰ্মিণী বীণাপাণি বড়ো কলিতাই নিজৰ অনুভৱ ব্যক্ত কৰা সভাখন সভাপতিৰ ভাষণ আৰু সম্পাদকে শলাগ জ্ঞাপনৰ পাছত অসম সংগীত পৰিৱেশনৰে সামৰণি কৰা হয় । সভাৰ পূৰ্বে প্ৰয়াত চাণক্য চৰণ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাই আৰু মাল্যাৰ্পণ কৰে প্ৰয়াত কলিতাৰ সহধৰ্মিণী বীণাপাণি বড়ো কলিতাই ।