সোমবাৰে বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ খোলাকুটি কছাৰী গাঁওস্থিত শ্ৰীশ্ৰী বুঢ়া ডাঙৰীয়া থান ৷ থানখনত অনুষ্ঠিত বাৰ্ষিক পালনাম উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ-হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে অনন্য পৰিৱেশৰ সৃষ্টি কৰে থান প্ৰাংগণত ৷
জনবিশ্বাস অনুসৰি চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ মাহাত্ম্যই তেজপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আকৰ্ষিত কৰি আহিছে । প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰে গঠিত থান পৰিচালনা সমিতিয়ে প্ৰতিবছৰেই ১ মে'ৰ দিনটোত বিশ্বশান্তিৰ বাবে ঈশ্বৰৰ আশীষ কামনাৰে সমাজৰ হিংসা, অসূয়া, অশান্তি দূৰ কৰি মানৱ জাতিৰ কল্যাণৰ অৰ্থে পালনামৰ আয়োজন কৰি আহিছে ।
ৰাজ্যৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলৰ দ্বাৰা পৰিচালিত আৰু বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা এই পালনামৰ দিনটোত ধূপ-ধূনা, নৈবদ্যৰে সেৱা জনাই আশীষ নিৰ্মালি গ্ৰহণ কৰে । উল্লেখ্য যে, সোমবাৰে প্ৰায় ২০ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰে থান পৰিচালনা সমিতিয়ে ।
পুৱা ৫ বজাত ঊষা কীৰ্তন, ৮ বজাত গছপুলি ৰোপণৰ পাচত ৯ বজাৰ পৰা তেজপুৰ দেউৰী গাঁৱৰ ৰূপ নাৰায়ণ সত্ৰৰ ডেকা অধিকাৰ জয়ন্ত কৃষ্ণ মহন্তৰ পৰিচালনাত আৰম্ভ হয় নাম প্ৰসংগ ।
