ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : সকলো কামত পৰিয়ালৰ সহযোগিতা লাভ কৰিব। বতৰৰ বাবে পেটৰ সমস্যাত ভুগিব পাৰে।
বৃষ : সুখবৰ, সৰ্বত্ৰ সমৰ্থন আৰু কৰ্মক্ষেত্ৰত বেতন বৃদ্ধিৰ যোগ আছে। সকলো দিশৰ পৰা দিনটো আজি খুবেই ভাল।
মিথুন : পাৰিবাৰিক ক্ষেত্ৰত সহমৰ্মিতা পালেও কৰ্মক্ষেত্ৰত কামৰ চাপ আৰু জটিলতা বৃদ্ধি পাব।
কৰ্কট : নতুন প্ৰণয়ৰ সম্পৰ্কই মন ভালে ৰাখিব, চাকৰি সলনিৰ ক্ষেত্ৰত দিনটো শুভ।
সিংহ : ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। নিজৰ স্বভাৱ আনৰ বিৰক্তিৰ কাৰণ হ’ব পাৰে।
কন্যা : কৰ্মক্ষেত্ৰত সকলো ঠিকে থাকিলেও বদলিৰ সম্ভাৱনা আছে আন চহৰ বা আন ঠিকনালৈ।
তুলা : আনক সুখী কৰিবলৈ গৈ নিজৰ পছন্দ–অপছন্দৰ সৈতে আপোচ নকৰিব।
বৃশ্চিক : সম্পত্তি সংক্ৰান্তীয় সমস্যাৰ সমাধান হ’ব। বৈবাহিক–প্ৰণয়ৰ সম্পৰ্কত মৰম বাঢ়িব।
ধনু : ব্যৱসায়িক সাফল্যই আত্মবিশ্বাস বৃদ্ধি কৰিব, কৰ্মক্ষেত্ৰত ভাৱমূৰ্তি উজ্জ্বল হ’ব।
মকৰ : অতিৰিক্ত আত্মবিশ্বাসৰ ফলত সহজ কামো পণ্ড হ’ব পাৰে, সেয়ে সতৰ্ক হৈ থাকক।
কুম্ভ : চাৰিওদিশৰ পৰা সমালোচনাৰ মুখামুখি হ’ব পাৰে, গতিকে মগজু ঠাণ্ডা ৰাখক।
মীন : কৰ্মক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব, প্ৰণয়ৰ সম্পৰ্কত বুজাপৰাৰ বান্ধোন আৰু মজবুত হ’ব।