‘বদৰুদ্দিন আজমলক গৰিহণা দিয়াৰ ভাষা নাই! আজমলৰ ন্যূনতমো শালীনতাও নাই!’


 ‘‘বিৰোধী ঐক্যক সমা


লোচনা কৰক৷ আপত্তি নাই৷ কিন্তু এগৰাকী সাংসদৰ মুখত এনে ভাষ্য শোভা নাপায়। অশালীন শব্দ প্ৰয়োগে মাথোঁ এগৰাকী সাংসদৰ মৰ্যাদা হানি কৰাই নহয়, সমগ্ৰ জাতিটোক অপমান কৰিছে৷’’ – বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই৷


অজিত ভূঞাই কয়, যি সময়়ত দেশৰ উচ্চতম ন্যায়ালয়ে লিংগ বৈষম্য দূৰীকৰণৰ আলোচনা কৰিছে, তেনে সময়ত এগৰাকী সাংসদৰ এনে মন্তব্যই প্ৰকৃততে কি সূচাইছে৷ আজমলৰ মন্তব্য সমাজৰ এক বিশেষ শ্ৰেণীৰ বিৰুদ্ধে মন্তব্য৷ বিশেষ শ্ৰেণীৰ লোকক অসন্মান কৰাই নহয়, মৰ্যাদা হানি কৰিছে৷ এনে শব্দ প্ৰয়োগৰ বাবে কেতিয়াও ক্ষমাৰ যোগ্য নহয় আজমল৷

অজিত কুমাৰ ভূঞাই লগতে কয়, আজমলৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ ভাষা নাই৷ কিয়নো এগৰাকী সাংসদৰ সমাজত থাকিবলগীয়া ন্যূনতম শালীনতাৰ ঊৰ্ধ্বত গৈ এনে মন্তব্য কৰিছে৷

১১টা বিৰোধী ৰাজনৈতিক দল এক হোৱাৰ পিছত শ’লথেকত পৰিছে আজমল, সেয়ে আজমলে তেনে মন্তব্য কৰা বুলি দাবী অজিত কুমাৰ ভূঞাৰ৷

Post a Comment

Previous Post Next Post