মণিপুৰত বুধবাৰে অৰ্থাৎ ৩ মে’ত জনজাতীয় গোটসমূহে অনুসূচীত জনজাতি (ST) শ্ৰেণীত মেইটেই সম্প্ৰদায়ক (Meitei Community) অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। এই জনজাতীয় আন্দোলনৰ (Tribal protest) সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতেই ৰাজ্যখনৰ আঠখন জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে আৰু ৰাজ্যজুৰি মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।
মণিপুৰত অনুসূচীত জনজাতি (ST) শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতাৰে আহ্বান কৰা 'আদিবাসী একতা মাৰ্চ'ৰ সময়ত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (ATSUM) কৈছিল যে মেইটেই সম্প্ৰদায়ক ST শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীয়ে গতি লাভ কৰিছে। ইয়াৰ বিৰুদ্ধে তেওঁলোকে এক পদযাত্ৰাৰ আহ্বান জনায়।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, ৰেলীত হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰ মাজতে টৰবাং অঞ্চলত জনজাতীয় আৰু অ-জনজাতীয় লোকসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পায়। আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছৰ (Tear Gas) শেল নিক্ষেপ কৰিছিল। তেওঁ লগতে কয় যে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছিল, কিন্তু বহুতো আন্দোলনকাৰীয়ে পাহাৰৰ বিভিন্ন ঠাইত তেওঁলোকৰ ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰে।
মোবাইল ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে স্থগিত
পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অ-জনজাতীয় অধ্যুষিত ইম্ফল পশ্চিম, কাকচিং, থৌবাল, জিৰিবাম আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত চুৰাচান্দপুৰ, কাংপোকপি আৰু টেংনুপাল জিলাত কাৰফিউ জাৰি কৰা হৈছে। তাৎক্ষণিক প্ৰভাৱৰ সৈতে সমগ্ৰ ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে স্থগিত ৰখা হৈছে, কিন্তু ব্ৰডবেণ্ড সেৱাসমূহ কাৰ্যকৰী হৈ আছে। উল্লেখনীয় যে, আঠখন জিলাৰ প্ৰশাসনৰ দ্বাৰা কাৰফিউ জাৰি কৰাৰ পৃথক নিৰ্দেশ জাৰি কৰা হৈছে।
ছাত্ৰ সংগঠনবোৰে উলিয়াইছিল প্ৰতিবাদী সমদল
ইয়াৰ পূৰ্বে বুধবাৰে হাজাৰ হাজাৰ লোকে ছাত্ৰ সংগঠনৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰা জনজাতীয় ঐক্য পদযাত্ৰাত যোগদান কৰে। সংগঠনটোৱে ৰাজ্যখনৰ সকলো ১০ খন পাহাৰীয়া জিলাৰ লোকসকলক পদযাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনাইছিল।
মেইটেই সম্প্ৰদায়ক ST শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিপক্ষে
ছাত্ৰ সন্থাই কয় যে ৰাজ্যখনৰ জনপ্ৰতিনিধিসকলে মেইটেইৰ দাবীক মুকলিকৈ সমৰ্থন কৰি আছে আৰু জনজাতীয় স্বাৰ্থৰ সুৰক্ষাৰ বাবে সামূহিকভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। মেইটেইসকলে মণিপুৰৰ পাহাৰীয়া জিলাসমূহত বাস কৰে, যি ৰাজ্যখনৰ প্ৰায় দহ শতাংশ অঞ্চল। সম্প্ৰদায়টোৱে দাবী কৰিছে যে ম্যানমাৰ আৰু বাংলাদেশীসকলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ প্ৰব্ৰজনৰ বাবে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে।

Tags:
National