মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংসঠিত হৈছে মাৰ্ঘেৰিটাত। ১২ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে কুকৰ্ম সংঘটিত কৰি হত্যা৷ আনন তাঁতী নামৰ নৰপিশাচটোৱে সংঘটিত কৰে এই জঘন্য কাণ্ড।
উল্লেখযোগ্য যে ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল নাবালিকাগৰাকী। ২ মে’ৰ পুৱা ৪টা মান বজাত মাকে ছোৱালীজনীৰ টোপনি ধৰাত আনন তাঁতীৰ ঘৰত থৈ ঘৰৰ মানুহগৰাকীক গধূলি তাইক লৈ যাম বুলি জনায়। মাকে যেতিয়া ছোৱালীজনীক সেই মানুহজনৰ ঘৰৰ পৰা আনিবলৈ যায় তেতিয়া সেই আনন তাঁতীয়ে কয় যে, পুৱা ৭টা মান বজাতেই ছোৱালীজনীক মাকৰ ওচৰলৈ লৈ যাওঁতে মাজবাটতেই ঘৰলৈ যাব পাৰিম বুলি কওঁতে তেওঁ আদবাটতে এৰি দিছিল।
মাকে ওচৰতে থকা নিজৰ আত্মীয় বুলি ভবা আনন তাঁতীৰ ঘৰত কিশোৰীগৰাকীক থৈ অহাই কাল হল নাবালিকাগৰাকীৰ৷ পুৱা আত্মীয়ৰ ঘৰৰ পৰাই নিৰুদ্দেশ হয় কিশোৰীগৰাকী৷ পিছত পৰিয়ালৰ লোকে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ খবৰ মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত জনোৱাৰ পিছত আৰক্ষী জেৰাত আনন তাঁতীৰ পত্নীয়ে স্বামীয়ে কৰা সমগ্ৰ ঘটনা আৰক্ষীৰ আগত অৱগত কৰে।
আৰক্ষীৰ অনুসন্ধানত আনন তাঁতীৰ শৌচাগাৰৰ টেংকীৰ ভিতৰত উদ্ধাৰ হয় নাবালিকাগৰাকীৰ মৃতদেহ। কাপোৰেৰে টোপোলা কৰি সুমুৱাই ৰাখিছিল শৌচাগাৰৰ টেংকীত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিভিন্ন দল–সংগঠনৰ লগতে স্থানীয় লোকে অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী তুলিছে। বৰ্তমান অভিযুক্ত আনন তাঁতী পলাতক হৈ আছে।