শিশু আনি দিয়াৰ বাবদ সংগীতা দত্তই ৫০ হাজাৰ টকা দিছিল উৎপলা বসুক



পাণবাজাৰ মহিলা আৰক্ষী থানাত নিশা সংগীতা দত্ত, উৎপলা আৰু ২ আশা কৰ্মীক একেলেগে জেৰা কৰে আৰক্ষীয়ে। জেৰাৰ অন্তত আৰক্ষীয়ে আটক কৰা দুগৰাকী আশাকৰ্মীক ঘৰলৈ যাবলৈ দিয়া হয়।


তথ্য অনুসৰি, আৰক্ষীৰ জেৰাত উৎপলা বসুৱে বিস্ফোৰক স্বীকাৰোক্তি দিয়ে। বসুৱে জনোৱা মতে, ডাঃ সংগীতা দত্তৰ বাবে কন্যা শিশুটি ৩০ হাজাৰ টকা আৰু ল'ৰা শিশুটি ১০ হাজাৰ টকাত ক্ৰয় কৰা হৈছিল। দুয়োটা শিশু আনি দিয়াৰ বাবদ সংগীতা দত্তই ৫০ হাজাৰ টকা দিছিল উৎপলা বসুক। কন্যা শিশুটি বৰপেটাৰ পৰা অনা বুলি জানিব পৰা গৈছে। ল'ৰা সন্তানটো নেপালী সম্প্ৰদায়ৰ আছিল। সংগীতাই যমজ বুলি দাবী কৰা শিশু দুটি যমজ নাছিল।

বৰ্তমানলৈকে পোহৰলৈ অহা নাই শিশু দুটিৰ মাতৃৰ পৰিচয়। এই সন্তান কাৰ পৰা ক্ৰয় কৰিছিল সেয়া জানিব পৰা হোৱা নাই যদিও এই তথ্যৰ ভিক্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিব।

Post a Comment

Previous Post Next Post