কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে যোৰহাট নগৰত উচাহ


 

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে যোৰহাটত আনন্দত মতলীয়া হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল । ফটকা ফুটাই , নাচিবাগি আনন্দ প্ৰকাশ কৰে কংগ্ৰেছৰ নেতা, কৰ্মীসকলে । যোৰহাটৰ কংগ্ৰেছ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এপাক নাচি আনন্দ প্ৰকাশ কৰে এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই ।


অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল প্ৰত্যাশিত বুলি মত ব্যক্ত কৰে । বিজেপিৰ শীৰ্ষ নেতাসকল তথা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দীঘলীয়াকৈ বাহৰ পাতি কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতো কিন্তু বিজেপিক কৰ্ণাটকৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে বুলি কয় জ্যেষ্ঠ নেতাগৰাকীয়ে । বিজেপিৰ পতনৰ গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু অসমতো এয়া ৰাইজে প্ৰত্যক্ষ কৰিবলৈ পাব বুলি যোৰহাটৰ ভূতপূৰ্ব বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মত ব্যক্ত কৰে ।

" বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতা ৰাইজে বুজি পাইছে আৰু সেয়েহে এনে দমন নীতিৰ বিৰোধিতা কৰি ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিছে । বিজেপিৰ ওলোটা গণনা ইতিমধ্যে আৰম্ভ হৈছে । ২০২৪ৰ নিৰ্বাচনত অসমতো সেয়া দেখিবলৈ পোৱা যাব । ৰাজস্থান , ছত্তীশগড় আৰু মধ্যপ্ৰদেশত হ'ব লগা নিৰ্বাচনতো আমি ইতিবাচক ফল লাভ কৰিম । ", এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এনেদৰে কয় ।


Post a Comment

Previous Post Next Post