কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ধুমুহা। এইপৰ্যন্ত কংগ্ৰেছ ১৩৬খন আসনত আগবাঢ়ি আছে। ফলস্বৰূপে, কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠতা হিচাপে আগবাঢ়ি আছে দলটো। বিজেপি ৬৩খন আসনত আগবাঢ়ি আছে। ইয়াৰ পিছতে সংবাদমেল সম্বোধন কৰে ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে কয়, ‘‘কৰ্ণাটকৰ সকলো কংগ্ৰেছ নেতাক অভিনন্দন। কৰ্ণাটকৰ নিৰ্বাচনত এফালে সাধাৰণ মানুহৰ শক্তি আছিল আৰু আমি সেই শক্তিত জয়ী হৈছিলো। এইটো এতিয়া সকলো ৰাজ্যতে ঘটিব। কৰ্ণাটকে দৰিদ্ৰসকলৰ হৈ যুঁজ দিছে। দৰিদ্ৰসকলৰ সৈতে আছে। কৰ্ণাটকৰ মানুহে আমাক দেখুৱাইছে যে এই দেশৰ মানুহে প্ৰেমৰ সপক্ষে ভোট দিছে।’’
ৰাহুল গান্ধীয়ে কয়, ‘‘কৰ্ণাটকৰ ঘৃণাৰ বজাৰ বন্ধ, এতিয়া প্ৰেমৰ সময় আৰম্ভ হৈছে। এয়া সত্যৰ জয়। এয়া কৰ্ণাটকৰ জনসাধাৰণৰ বিজয়। কৰ্ণাটকত বিধানসভা প্ৰচাৰৰ সময়ত আমি জনসাধাৰণক পাঁচটা প্ৰতিশ্ৰুতি দিছিলো। আমি প্ৰথম কেবিনেট বৈঠকত সেই পাঁচটা প্ৰতিশ্ৰুতি পূৰণ কৰিম।’’
ফলাফলত আনন্দিত সিদ্দাৰামায়াই কয়, ‘‘আমি ১৩০খন আসন অতিক্ৰম কৰিম, যিটো কংগ্ৰেছৰ বাবে এক ডাঙৰ বিজয়। কৰ্ণাটকৰ মানুহে পৰিৱৰ্তন বিচাৰিছিল কাৰণ তেওঁলোক বিজেপি চৰকাৰৰ প্ৰতি অতিষ্ঠ হৈ পৰিছিল। বিজেপিয়ে অপাৰেচন লোটাছৰ বাবে যথেষ্ট ধন ব্যয় কৰিছে। ৰাহুল গান্ধীৰ পদযাত্ৰাই দলীয় কৰ্মীসকলক অনুপ্ৰাণিত কৰাত সহায় কৰিছিল। এই নিৰ্বাচনৰ ফলাফল লোকসভা নিৰ্বাচনৰ বাবে এক প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। মই আশা কৰোঁ যে সকলো অ-বিজেপি দল একত্ৰিত হ’ব আৰু চাব যে বিজেপি পৰাজিত হৈছে। মই এইটোও আশা কৰোঁ যে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে।’’
