গুৱাহাটী শোধনাগাৰ সংযোগী ৰে’ল লাইনত বৃহৎ ফাঁট!



 গুৱাহাটী মহানগৰৰ নুনমাটিস্থিত গুৱাহাটী শোধানগৰৰ সমীপৰ ৰে’ল লাইনত এক অঘটন ঘটে। গুৱাহাটী শোধানাগৰৰ তেল কঢ়িওৱা ৰে’ল এক দুৰ্ঘটনাৰ পৰা দৈবক্ৰমে ৰক্ষা পৰিছে।


জানিব পৰা মতে, নুনমাটি ৰে’ল লাইনৰ ঘাইপথৰ পৰা গুৱাহাটী শোধনাগাৰলৈ প্ৰৱেশ কৰা ৰে’ল ট্রেকত প্ৰকাণ্ড ফাঁট মেলে। শোধানাগৰৰ তেল কঢ়িওৱা ৰে’লখন পাৰ হোৱাৰ সময়তে ৰে’ল লাইনৰ ফাঁট ধৰা পেলায় তেল কঢ়িওৱা ট্রেইনৰ চালকে। ততাতৈয়াকৈ চালকে ট্ৰেইনখন ৰখাই দিয়ে। এঘণ্টাতকৈ অধিক সময় ৰে’লখন ৰখাই থোৱাত নুনমাটি আৰু নাৰেংগী অভিমুখী দুয়োফালে পথত ভয়াৱহ যান-জঁটৰ সৃষ্টি হয়।

এঘণ্টাৰো অধিক সময় কাল ৰে'ল লাইন মেৰামতিৰ অন্তত পথটো মুকলি কৰি দিয়া হয়। লগতে তেল কঢ়িওৱা ট্ৰেইনখন শোধনাগাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post