সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰত চি এম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হ’ব সাংসদ অজিত কুমাৰ ভূঞাসহ চাৰিগৰাকী এচিএছ বিষয়া। ইতিমধ্যে অজিত ভূঞা আৰু চাৰি ACS বিষয়ালৈ জাননী প্ৰেৰণ কৰা হৈছে। অভিযন্তাসহ ১৪জন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। তদাৰকী কোষৰ এজাহাৰত সন্নিৱিষ্ট সাংসদ অজিত ভূঞাৰ নামো।
ফেব্ৰুৱাৰী মাহত অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী পোহৰলৈ আহিছিল। ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ তদন্ত। নিৰীক্ষণ কোষৰ তদন্তত পোহৰলৈ আহিছিল ১৪জন বিষয়াৰ নাম।
বিষয়াকেইজন হ’ল ACS শৰ্মিষ্ঠা বৰা, হেমন্ত দত্ত, মুনিন বৰদলৈ, সুকন্যা বৰা। দিগন্ত কলিতা নামৰ সহকাৰী অভিযন্তা এজনো জড়িত থকাৰ অভিযোগ এই কেলেংকাৰীত। আন আঠজন নিৰ্মাণ সমিতিৰ সচিবৰো নাম আছে এজাহাৰত। সচিব কেইজন হ’ল বিশ্বজিত ডেকা, শংকৰ কলিতা, পাৰ্থ প্ৰতীম ডেকা, ভাস্কৰ দাস, জিতু কলিতা, কামিনী দাস, অতুল চন্দ্ৰ ডেকা। ঠিকাদাৰ অৰূপ কলিতাৰো নাম আছে এজাহাৰত।
