হেণ্ডিমেন, ছুইপাৰ, ধুবী আদি ৩১টা পৰ্যন্ত পদলৈ উত্তীৰ্ণ এজন প্ৰাৰ্থী

 


অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ ৪৫ টা ভিন্ন শাখাৰ পদৰ বাবে অনুষ্ঠিত সংযুক্ত লিখিত পৰীক্ষাত সংঘটিত ব্যাপক বিসংগতিয়ে বিপাঙত পেলাইছে প্ৰাৰ্থীসকলক। ফলাফলত দেখা গ'ল এজন প্ৰাৰ্থীয়ে ৩১ টাকৈ ভিন্ন পদলৈ উত্তীৰ্ণ হৈছে। কোনোবাই যদি ৩১ টা পদত নিযুক্তিৰ বাবে বাছনি পদ হৈছে, আন কোনোবাই ২১ টা, কোনোবাই ১৮ টা আৰু কোনোবাই ৮ টা পদৰ বাবে বাছনি হৈছে।


কালি আনুষ্ঠানিকভাৱে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ সংযুক্ত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। অদক্ষ-অকর্মণ্য বিষয়াৰ কাণ্ডজ্ঞানহীনতাত হতভম্ব হৈ পৰিছে চাকৰিপ্ৰাৰ্থীসকল। একেজন প্রার্থীয়ে ২০-৩০ টা পদৰ বাবে বাছনি হ'লে এটা পদত প্ৰাৰ্থীজনে চাকৰিৰ সুযোগ গ্ৰহণৰ ফলত বাকীকেইটা পদ খালী হৈ ৰোৱাৰ সম্ভাৱনা দেখা গৈছে। ফলত সেই পদকেইটাত বাছনি হোৱাৰ যোগ্যতা বুলি থকা অন্য প্রার্থীসকল বঞ্চিত হ'বলগীয়া হ'ব বুলি চৰ্চা হৈছে।

উল্লেখযোগ্য যে মি কালি ঘোষণা হোৱা সংযুক্ত লিখিত পৰীক্ষাৰ ফলাফলত ৪১১০৪১০২ নম্বৰৰ প্রার্থীজনে ৩১ টা ভিন্ন পদত উত্তীৰ্ণ হৈছে। এই প্রার্থীজনে এনিমেল এটেণ্ডেণ্ট/কীপাৰ, এটেণ্ডেণ্ট ডিছেকচন হল, এটেণ্ডেণ্ট, চকীদাৰ, ৰান্ধনি, ৰান্ধনি সহায়ক, ধুবী/ৱাশ্বমেন, হেণ্ডিমেন, লেবৰেটৰী এটেণ্ডেণ্ট, গ্রেড IV, গ্রেড IV (পিয়ন), ইনছেক্ট কালেক্টৰ, গ্রেড- IV, (লেবৰেটৰী এটেণ্ডেণ্ট), লেবৰেটৰী কাি বিয়েৰাৰ, মেল এটেণ্ডেণ্ট, মেল ক্লীনাৰ, মালী, নৈশ চকীদাৰ, অ' টি এটেণ্ডেণ্ট, বর্গ অফিচ পিয়ন, অ' পি ডি এটেণ্ডেণ্ট, পেকাৰ, পিয়ন, ছেনিটেৰী ৱাৰ্ডেন, চুপাৰিঅ'ৰ ফিল্ড ৱৰ্কাৰ, ছুইপাৰ, ছুইপাৰ/ক্লীনাৰ, টেকনিকেল এটেণ্ডেণ্ট, ৱাৰ্ড বয়, ৱাচমেন আৰু ৱৰ্কশপ ৱৰ্কাৰ আদি পদৰ বাবে বাছনি হৈছে এই প্রার্থীজনে।

এই প্ৰাৰ্থীজন এটা উদাহৰণহে, ভালেসংখ্যক প্রার্থীয়ে একাধিক পদৰ বাবে বাছনি হৈছে। একেজন প্রার্থীয়ে ভিন্ন দক্ষতামূলক পদৰ বাবে বাছনি হোৱা কথাটোৱে বঞ্চিত প্ৰাৰ্থীসকলৰ চকু কপালত তুলিছে। লক্ষণীয়ভাৱে ৪১১০৪১০২ নম্বৰৰ উপৰি নিযু ৪১২১৪০৮৮ নম্বৰৰ প্ৰাৰ্থীজনে ১৮ টা পদৰ বাবে লিখিত পৰীক্ষাত উত্তীর্ণ হৈছে। কালি ফলাফল ঘোষণা কৰি স্বাস্থ্য বিভাগে নির্দেশনাখনত উল্লেখ কৰিছে যে অহা ৩ মে'ত আৰু ৪ মে'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত প্ৰাৰ্থীসকলৰ এপ্টিটিউড টেষ্ট আৰু নথি-পত্ৰ পৰীক্ষা কৰা হ'ব বুলি ঘোষণা কৰিছে। কিন্তু সেই ঘোষণা কৰিয়েই স্বাস্থ্য বিভাগে দায়িত্ব সামৰিছে। নথি-পত্ৰ দেখ পৰীক্ষাৰ পাছত স্বাস্থ্য বিভাগে পৰৱৰ্তী পৰ্যায়ত ফলাফলৰ তালিকাত থকা বিসংগতি দূৰ কৰিব নে নাই, সেয়াও স্পষ্ট নহয়?

যদি এজন প্ৰাৰ্থীক এটাহে পদ বাছনি কৰিবলৈ সুযোগ দিয়া হয়, তেন্তে সেই প্ৰক্ৰিয়া কিদৰে হ'ব তাৰ কোনো স্পষ্ট নির্দেশনা নাই। যদি ২০-৩০ টা পদত বাছনি লাভ কৰা প্ৰাৰ্থীসকলক এটাহে পদত সুযোগ প্ৰদানৰ ব্যৱস্থা কৰা হয়, তেন্তে ৰৈ যোৱা অন্য পদকেইটা খালী হৈ ৰ'ব নে অন্য প্রার্থীক সেই পদসমূহত সুযোগ দিয়া হ'ব তাৰো কোনো স্পষ্ট নির্দেশনা নাই। কাৰণ কালি ঘোষণা হোৱা তালিকাখনৰ পৰৱৰ্তী পৰ্যায়ত কোনো চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনাৰ কথা স্বাস্থ্য বিভাগে এতিয়াও ঘোষণা কৰা নাই। ৰাজ্য চৰকাৰে এক লাখ চাকৰিক লৈ প্ৰহসনহে কৰিছে নেকি বুলি প্রশ্ন উত্থাপন হৈছে।

Post a Comment

Previous Post Next Post