'কোনে ৰিঙিয়াই' গীতেৰে নলবাৰীৰ বেলশৰত জুবিন গাৰ্গৰ সুৰৰ মূৰ্ছনা। এটাৰ পিছত আনটো গীতেৰে মুহিলে প্ৰায় অৰ্ধ লক্ষাধিক জনতাক। বেলশৰত পশ্চিম নলবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত সোমবাৰে নিশা সংগীত জগতৰ অদ্বিতীয় শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় (Zubeen Garg concert at Belsor)।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত পশ্চিম নলবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠানত সোমবাৰে নিশাৰ ভাগত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰে। 'তুমি মোৰ মাথো মোৰ' গীতেৰে সংগীতনুষ্ঠান আৰম্ভ কৰি ড° বেজবৰুৱা এলবামৰ 'কি নাম দি মাতিম', 'মায়া'ৰ লগতে কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰে জুবিন গাৰ্গে।
সংগীতানুষ্ঠানৰ মাজতে অসমীয়া চিনেমা চাবলৈও সকলোকে আহ্বান জনালে জুবিনে। যতীন বৰাৰ লগত জুবিনে একেলগে নিৰ্মাণ কৰি থকা অসমীয়া চিনেমাৰ কথা উল্লেখ কৰি ৰবি শৰ্মাই নিৰ্মাণ কৰি থকা চিনেমাকে ধৰি নতুনকৈ আহি থকা ৰাঘৱ, ৰঘুপতি, যোদ্ধা আদি সকলো চিনেমা চাবলৈ আহ্বান জনায় জুবিন গাৰ্গে।
জুবিনৰ অনুষ্ঠান চাবলৈ অহা দৰ্শকে ''জুবিন দা, পাগ্লা কৰি দিচি'' বুলি চিঞৰাত জুবিন গাৰ্গৰ উত্তৰ- মই নিজে পাগ্লা আৰু কি, আজিকালি পাগ্লা নহ'লে লাভ নাই।''- এনে হাঁহি–ধেমালিৰ মাজেৰে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান সুন্দৰভাৱে উপভোগ কৰে ৰাইজে। অৱশ্যে বিহু কমিটিয়ে জুবিন অনুৰাগীৰ হেঁচা–ঠেলা নিয়ন্ত্ৰণ কৰাত অপাৰগ হোৱাত দুই–এগৰাকী দৰ্শকে আৰক্ষী–চিআৰপিৰ লাঠিৰ কোবো খাব লগা হয়। বহুতে আকৌ আৰক্ষী আৰু চিআৰ পিএফৰ কোবৰ পৰা বহু দূৰত ৰৈ গছ অথবা ঘৰৰ মূধচৰ ওপৰৰ পৰাই উপভোগ কৰিলে প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান। আন বহুতো দৰ্শকৰ দৰে হুইল চিয়াৰকে সাৰথি কৰি জীৱন অতিবাহিত কৰা জুবিন অনুৰাগীয়েও উপভোগ কৰিলে প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান।