মহানগৰীৰ মালিগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। সেনা বাহিনীৰ বাহনৰ খুন্দাত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী নিহত হয়।
মঙলবাৰে পুৱা মালিগাঁও ৩ নং গেটত এই ঘটনা সংঘটিত হৈছে। বিদ্যালয়লৈ গৈ থকা পথতে সেনা বাহিনীৰ বাহনৰ খুন্দাত ছাত্ৰীগৰাকী মৃত্যু মুখত পৰে। নিহত ছাত্ৰীগৰাকীৰ নাম লাৱণ্য পাল জানিব পৰা গৈছে। লাৱণ্য মালিগাঁও ৰে'লৱে স্কুলৰ ছাত্ৰী আছিল।
এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত উত্তেজনামুখৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাইজে সেনা বাহিনীৰ বাহনখন জব্দ কৰিছে। লগতে মালিগাওঁস্থিত জালুকবাৰী আৰক্ষী থানাৰ সন্মুখত গোট খাই সেনা বাহিনীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ যানজটৰ সৃষ্টি হৈছে। ঘটনাস্থলীত জালুকবাৰী যানবাহন আৰক্ষীৰ লোক উপস্থিত হৈছে।
