যুৱকজনৰ নাম খনিন হাজৰিকা। ঘৰ জাগীৰোডত। এই যুৱকজনৰ এটা ভিডিঅ’ই এতিয়া খলকনি তুলিছে ছচিয়েল মিডিয়াত। জুবিন গাৰ্গৰ ‘আনে যোৱা বাটে নোযোৱা ছোৱালীজনী...’ গীতটো এক অনন্য শৈলীৰে গাই নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছে যুৱকজন। খনিনৰ এই ভিডিঅ’টো হাজাৰ হাজাৰ শ্বেয়াৰ হোৱাৰ লগতে লাখ লাখ লোকে প্ৰত্যক্ষ কৰিছে। খুব সুন্দৰভাৱে এই গীতটো কিছু পৃথক শৈলীৰে গাইছে খনিনে।
এদিন পূৰ্বে কোনেও চিনি নোপোৱা খনিন হাজৰিকা এটা নিশাৰ ভিতৰতে সকলোৰে চিনাকি হৈ পৰিল। খনিনৰ সুৰে মোহিত কৰিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক। সকলোৱে প্ৰশংসা কৰিছে খনিনৰ কণ্ঠৰ। সুন্দৰ কণ্ঠৰ অধিকাৰী খনিন হাজৰিকা।
ছচিয়েল মিডিয়াত এই ভিডিঅ’ শ্বেয়াৰ কৰি কেপচনত খনিনে লিখিছে – ‘‘কেতিয়াবা সোমৰস অলপ ধৰিও গাবলৈ চেষ্টা কৰিব লাগে৷ সোমৰসেও যদি আপোনাৰ সুৰ পিচলাব নোৱাৰে তেন্তে...’’।নিশাটোৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে খনিনৰ এই ভিডিঅ’। বিভিন্নজনৰ প্ৰশংসাৰে ভৰিছে খনিনৰ ফেচবুক প্ৰফাইল। গীতটো ভাইৰেল হোৱাৰ পিছতে খনিনে ফেচবুকত লিখিছে – ‘‘সীমিত শ্ৰোতাৰ পৰা অসীম শ্ৰোতালৈ অগ্ৰসৰ কৰোৱাত অগ্ৰণী ভূমিকা লোৱা প্ৰতিজন শ্ৰোতাবৃন্দলৈ কৰযোৰে প্ৰণিপাত। গীতটিৰ অযোগ্য গায়নশৈলীতো মৰমৰ ট্ৰেফিক জাম লগাই দিলে আপোনালোকে৷ গীতটি গহীনভাৱে আৰু এবাৰ গাই দিব লাগিব৷ নহ’লে নিয়তিয়ে শোক প্ৰকাশ কৰিব। দহলাখ কমেন্ট আহিলেও থেংকচ টু অল বুলি লিখি শ্ব’ অফ দিয়া নহ’ব৷ প্ৰতিজনৰ কমেন্টৰ সাৱলীল ৰিপ্লাই মই দিম। অপেক্ষা মাথোঁ ট্ৰেফিকটো অলপ পাতল হওক।’’
