বাক্সাৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা বিগত পাঁচ বছৰত সাতগৰাকী শিক্ষক-কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে ৷ কিন্তু প্ৰায় চাৰি শতাধিক ছাত্ৰ- ছাত্ৰী থকা এই বিদ্যালয়খনত আজিলৈকে কোনো নতুন শিক্ষকৰ নিযুক্তি দিয়া হোৱা নাই। সেয়েহে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীসকলে গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে।
ভাৰত- ভূটান সীমান্তৰ বাক্সা জিলাৰ এই বিদ্যালয়খনৰ নাম হৈছে শ্ৰীপঞ্চমী হিমালী উচ্চ মাধ্যমিক বিদ্যালয় ৷ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভূটানখুটিত অৱস্থিত এই বিদ্যালয়খনেই সীমান্ত অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান ৷ কিন্তু বিগত ২০১৮ চনৰ পৰা বৰ্তমানলৈ ছয় গৰাকী শিক্ষক আৰু এজন কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে। তথাপিও কোনো নতুন শিক্ষকক নিযুক্তি দিয়া হোৱা নাই যাৰ বাবে ছাত্ৰ–ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
উল্লেখ্য যে, আজি অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক বিদায় সম্বৰ্ধনা জনোৱাৰ বাবে এখনি সভা অনুষ্ঠিত কৰা হৈছে ৷ বিদ্যালয়খনত ছাত্ৰ- ছাত্ৰী আছে কিন্তু শিক্ষকৰ অভাৱ ৷ বিশেষকৈ বিদ্যালয়খনত এজনো বিজ্ঞান বিষয়ৰ শিক্ষক নাই ৷ যি সময়ত ৰাজ্য চৰকাৰ গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ মান বৃদ্ধি কৰিবলৈ আঁচনি গ্ৰহণ কৰি আহিছে, তেনে সময়তে শ্ৰীপঞ্চমী হিমালী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক নাই ৷ যাৰ ফলত ছাত্ৰ- ছাত্ৰীসকল গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে ৷
