শিশুক চেলেকিবলৈ বাধ্য কৰাইছিল বমি – পোহৰলৈ আহিছে চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায়


 

পোহৰলৈ আহিছে গুৱাহাটীৰ চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, চিচিটিভি ফুটেজত ওলাই পৰিছে চিকিৎসক দম্পতীৰ পাশৱিকতাৰ ভয়ংকৰ তথ্য। জানিব পৰা মতে, বমি কৰিলে শিশুক বমি চেলেকিবলৈ বাধ্য কৰাইছিল সংগীতা দত্তই। বিচনাত প্ৰস্ৰাৱ কৰিলে দিছিল চৰম শাস্তি।


ইমানেই নহয়, চকুত জলকীয়া গুৰি সনাৰ কথাও পোহৰলৈ আহিছে। চিচিটিভিত বন্দী হৈছে আতিশয্যৰ কথোপকথন। প্ৰতিটো চিচিটিভিৰ ভিজুৱেল পৰীক্ষা কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে। হয়টো উদ্ধাৰ হ’ব অধিক ন ন তথ্য।বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চিকিৎসক দম্পতী। তোলনীয়া সন্তানক নিৰ্মম আতিশয্য়ৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। চাইল্ডলাইনৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে।

Post a Comment

Previous Post Next Post