বিশিষ্ট কবি প্ৰেম গগৈক "বাক্য সাহিত্য বঁটা" প্ৰদান, বাক্য প্ৰকাশনে অতিক্ৰম কৰিলে দহটা বছৰ


  

বিশিষ্ট কবি, লেখক প্ৰেম গগৈক ‘‘বাক্য সাহিত্য বঁটা’’ প্ৰদান। উজনিৰ আগশাৰী প্ৰকাশন গোষ্ঠী ‘‘বাক্য’’ৰ তৰফৰ পৰা আগবঢ়োৱা হয় এই বঁটা। প্ৰকাশন গোষ্ঠীটোৰ দশম বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে সন্ধিয়া শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট কবি গৰাকীক।


বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাঁচী মহন্ত‌‌‌, শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, জ্যেষ্ঠ সাংবাদিক অতনু বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। বঁটা গ্ৰহণ কৰি প্ৰেম গগৈয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰকাশন গোষ্ঠীটোৰ উত্তৰোত্তৰকামনা কৰে।

এই সন্মানে কবিগৰাকীৰ দায়িত্ব অধিক বৃদ্ধি কৰা বুলিও মন্তব্য কৰে।‌ আনহাতে প্ৰকাশন গোষ্ঠীটোৰ হৈ সত্যজিৎ নাথে সদৰী কৰা অনুসৰি সৃষ্টিশীল সাহিত্যৰে অৱদান আগবঢ়াই অহা একো গৰাকীকৈ সাহিত্যিকক বছৰি এই বঁটা প্ৰদান কৰা হ'ব। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জেষ্ঠ্য সাংবাদিক অতনু বৰাই।অনুষ্ঠানত ‘‘ভাষা’’ নামৰ এখন কাব্য আলোচনী উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাঁচী মহন্তই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মানিক শইকীয়া।

Post a Comment

Previous Post Next Post