১৫ মে'ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান


 

প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে এক জাননী যোগে এই কথা সদৰি কৰিছে।


ৰাষ্ট্ৰীয় উদ্যানখনত ১৫ মে'ৰ পৰা হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং আৰু ৫ জুনৰ পৰা জীপ চাফাৰী বন্ধ হোৱাৰ কথা জনায়। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে কয় যে, প্ৰতি বছৰৰ দৰে এইখিনি সময়ত মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ আহিছে। বাৰিষা অহাৰ ফলত বেঁকী নৈৰ পানী বঢ়া কমা হৈ থকাৰ বাবে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে'ৰ পৰা ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে হাতী চাফাৰী গোটেই অসমতে মে' মাহ আৰম্ভ হোৱাৰ লগে লগেই বন্ধ হয়। কিন্তু অসম চৰকাৰৰ দুই বছৰ সম্পূৰ্ণ হোৱা হেতুকে মানস ৰাষ্ট্ৰীয় উদ্যানত কিছু দিন বঢ়াই দিয়া হৈছে আৰু ইয়াত ১৫ মে'ৰ পৰা হাতী চাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।


আনহাতে বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত ঘাঁহনি বেছি আৰু ৰাস্তা-ঘাটৰ কিছু সমস্যা হয় বাবে অন্য বছৰৰ দৰে এইবাৰো ৫ জুনত জীপ চাফাৰী বন্ধ কৰিব বুলি উক্ত জাননীখনত উল্লেখ কৰিছে।

উল্লেখ্য যে, প্ৰায় তিনিমাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়াৰ কথাও মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে জনায়।

Post a Comment

Previous Post Next Post