৯ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?

 


মেষ : নতুন কাৰোবাৰ বাবে পুৰণি কোনোবা ঘূৰি অহাৰ ফলত কামৰ চাপ বাঢ়িলেও সেয়া উন্নতিৰ সহায়ক হ’ব।


বৃষ : লক্ষ্য পূৰণত নানা বাধাৰ সন্মুখীন হ’ব পাৰে, সেয়ে যিমান সম্ভৱ শান্ত হৈ কাম কৰা উচিত।

মিথুন : পুৰণি পৰিচিত কোনো লোক ঘৰলৈ অহাৰ সম্ভাৱনা আছে যাৰ ফলত কামত খেলিমেলি লাগিব পাৰে।

কৰ্কট : গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সুবাদত দিনটো নানা আলোচনা আৰু উত্তেজনাৰ মাজেৰে পাৰ হ’ব।

সিংহ : আলস্য ভাৱ প্ৰবল হৈ উঠিলেও হাতৰ কাম সময়ত শেষ কৰিব লাগিব, অন্যথা কৰ্মক্ষেত্ৰত সমস্যা হ’ব।

কন্যা : পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে সাময়িক বিৰতি ল’লেও অৱশেষত তাল মিলাই চলিব লাগিব।

তুলা : আনৰ দাবীয়ে অস্থিৰ কৰিব পাৰে, সকলো এৰি নিজকে সময় দিয়া উচিত।

বৃশ্চিক : যি পৰিৱৰ্তন আৰম্ভ হৈছে, সেয়া হঠাৎ যেন লাগিলেও ভৱিষ্যতৰ ভেটি স্থাপন কৰিব।

ধনু : উত্তেজিত নহৈ, ভাঙি নপৰি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিব লাগিব।

মকৰ : বিদেশত কাম কৰাৰ সুযোগ আঙিব পাৰে, তাক লৈ ভালকৈ চিন্তা কৰি চোৱা প্ৰয়োজন।

কুম্ভ : পইচা বচোৱা সম্ভৱ নহ’ব, হিচাপ–নিকাচৰ দিশটো পিছলৈ চম্ভালাই ঠিক হ’ব।

মীন : আনৰ ওচৰত থাকক, কেৱল তেওঁলোকৰ সমস্যাত নিজকে জড়িত নকৰিব।

Post a Comment

Previous Post Next Post