ত্ৰিপুৰা চৰকাৰৰ উদ্যোগত সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকল


 

মণিপুৰত বৰ্তমান চলি থকা হিংসাত্মক ঘটনাৰ মাজতে ত্ৰিপুৰা চৰকাৰে মণিপুৰত অধ্যয়নৰত ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকলক ৰাজ্যখনলৈ সুৰক্ষিতভাৱে উভতাই আনে। শনিবাৰে নিশা ত্ৰিপুৰা চৰকাৰৰ এক বিশেষ ব্যৱস্থাৰ জৰিয়তে আগৰতলালৈ শিক্ষাৰ্থীসকলক লৈ অনা হৈছে।


মণিপুৰত অধ্যয়নৰত ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকলৰ বেছিভাগেই ‍BDS(Bachelor of Dental Surgery)ৰ ছাত্ৰ। ত্ৰিপুৰা পাই ছাত্ৰ–ছাত্ৰী তথা তেওঁলোকৰ পৰিয়ালবৰ্গই সকাহ পাইছে। শিক্ষাৰ্থীসকলৰ এজনে ব্যক্ত কৰে যে, ‘‘পৰিস্থিতি বেয়া আছিল। চাৰিওফালে জুই লাগিছিল, বিস্ফোৰণ হৈছিল। আমি ভয় খাইছিলোঁ। স্থানীয় বন্ধুসকলে আমাক পৰিস্থিতিৰ অৱনতি হোৱাৰ আগতে অতি সোনকালে ৰাজ্য এৰি যাবলৈ পৰামৰ্শ দিছিল। আনকি যেতিয়া আমি সেই ঠাই এৰি আছিলো, তেতিয়াও বিস্ফোৰণৰ শব্দ শুনা গৈছিল। বস্তুবোৰ সঁচাকৈয়ে ভয়ানক আৰু বেয়া আছিল।’’

শেহতীয়াকৈ মণিপুৰত জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষৰ বাবে ৰাজ্যখনত বৰ্তমান বেয়া পৰিস্থিতি হৈ আছে। মণিপুৰত ৩ মে’ত জনজাতীয় গোটসমূহে অনুসূচীত জনজাতি (ST) শ্ৰেণীত মেইটেই সম্প্ৰদায়ক (Meitei Community) অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। এই জনজাতীয় আন্দোলনৰ (Tribal protest) সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতেই ৰাজ্যখনৰ আঠখন জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে আৰু ৰাজ্যজুৰি মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।উল্লেখ্য যে,  হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰ চৰকাৰে ৪ মে’ত “গুৰুতৰ গোচৰ”ত শ্বুট এট চাইট (Shoot at sight) আদেশ জাৰি কৰে। এই সংঘৰ্ষই প্ৰায় ৯ হাজাৰৰো অধিক লোকক নিজৰ গাঁৱৰ পৰা স্থানচ্যুত কৰিছে।

Post a Comment

Previous Post Next Post