মণিপুৰত হিংসা জৰ্জৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অসম ৰাইফলছৰ নিৰন্তৰ প্ৰচেষ্টাৰ পাছতেই চুৰাচন্দপুৰত পুৱা ৭ বজাৰ পৰা ৩ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰা হয়।
এই সময়ছোৱাত, সেই অঞ্চলটোৰ পৰা সকলো সম্প্ৰদায়ৰ নাগৰিকসকলক উদ্ধাৰ, হিংসা নিয়ন্ত্ৰণ আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে বিগত ৯৬ ঘণ্টা ধৰি ১২০-১২৫ গৰাকী সেনা আৰু অসম ৰাইফলছে নিৰন্তৰ প্ৰচেষ্টা কৰি আছে। এই প্ৰচেষ্টাৰ ফলস্বৰূপে এতিয়ালৈকে অঞ্চলটোত কোনো ডাঙৰ হিংসাৰ ঘটনা সংঘটিত হোৱা নাই আৰু সান্ধ্য আইন জাৰি ৰখা হৈছে। সেয়েহে আজি পুৱা ৭ বজাৰ পৰা ১০ বজাৰ ভিতৰত চুৰাচান্দপুৰত নিৰাপত্তা বাহিনীৰ দ্বাৰা ফ্লেগ মাৰ্চ কৰা হৈছে।
উল্লেখ্য যে, মণিপুৰত বিগত ৩ মে’ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতেই ৰাজ্যখনত এক অপ্ৰীতিকৰ তথা অস্থিৰ পৰিৱেশে বিৰাজ কৰে। ঘটনাৰ পিছতেই ৰাজ্যৰ আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। কিন্তু যোৱা ২৪ ঘণ্টাত সেনাই নিৰীক্ষণ প্ৰচেষ্টা যথেষ্ট বৃদ্ধি কৰা দেখা গৈছে। বৰ্তমান সেনাই আকাশী নিৰীক্ষণ, ইউএভিৰ চলাচল আৰু ইম্ফল উপত্যকাৰ ভিতৰত সেনাৰ হেলিকপ্টাৰ পুনৰ নিয়োগ কৰিছে।
Tags:
National
