অসমীয়া সংস্কৃতি চহকী কৰি থৈ যোৱা বহু বৰেণ্য শিল্পী, কলা-কুশলী, নাট্যকাৰৰ সাধনাস্থলী তেজপুৰৰ বাণ থিয়েটাৰ ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱাৰ লগতে ৰাজ্যৰ বহু মহান শিল্পীয়ে বাণ থিয়েটাৰৰ মঞ্চতেই কৰিছিল সংস্কৃতিৰ সাধনা ।
যাৰ বাবে অসমীয়া সংস্কৃতিৰ লগত বাণ থিয়েটাৰ সংপৃক্ত হৈ আছে আৱেগৰ ডোলেৰে ৷সাংস্কৃতিক, বৌদ্ধিকভাৱে চহকী তেজপুৰৰ অন্যতম সমল হ'ল ১৯০৬ চনতে স্থাপিত বাণ থিয়েটাৰ ৷ শেহতীয়াকৈ ইতিহাস বহনকাৰী বাণ থিয়েটাৰক ন-ৰূপ দি সম্পদটো সংৰক্ষণ কৰাৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ বাণ থিয়েটাৰৰ নৱীকৰণৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে আগবঢ়াইছে ৪ কোটি ৫০ লাখ টকা ৷
ইয়াৰে প্ৰথম পৰ্যায়ত মোকলাই দিয়া হৈছে ২ কোটি টকা ৷ ইয়াৰ বাবে ইতিমধ্যে নিবিদাৰ কামো সম্পন্ন হৈছে ৷ পৰিকল্পনা অনুসৰি ৰাজ্য চৰকাৰে আৱণ্টন দিয়া ধনৰাশিৰ জৰিয়তে অত্যাধুনিকভাৱে সজাই তোলা হ'ব বাণ থিয়েটাৰ ৷ বৰ্তমান এখন মঞ্চ থকা বাণ থিয়েটাৰক দুখন মঞ্চযুক্ত প্ৰেক্ষাগৃহলৈ ৰূপান্তৰ কৰা হ'ব ৷
তদুপৰি বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ'ব, শব্দ ব্যৱস্থাৰ আধুনিকৰণ কৰি কৰা হ'ব, উন্নত কৰা হ'ব পোহৰৰ ব্যৱস্থা ৷ সাংস্কৃতিক সাধনাৰ অন্যতম কেন্দ্ৰস্থল বাণ থিয়েটাৰৰ এইসমূহ উন্নয়ন সাধন হ'লে স্বাভাৱিকতেই বাণ থিয়েটাৰে অধিক আকৰ্ষণ কৰিব সংস্কৃতিপ্ৰেমী ৰাইজক ৷